NORTHEAST NOW (Assamese)

আমেৰিকাৰ প্ৰতিবেদনত অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত মুছলমান সম্প্ৰদায়ক বৈষ্যম্যমূলক আচৰণ কৰাৰ প্ৰসংগ উত্থাপন

June 24, 2019 1:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে প্ৰকাশ কৰা ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় এখন বাৰ্ষিক প্ৰতিবেদনত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগই ঠাই লাভ কৰে।

প্ৰতিবেদনখনত অন্তৰ্ভূক্ত ‘অসম আৰু নাগৰিকত্ব’ (Assam and Citizenship) শীৰ্ষক উপ-অধ্যায়ত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত নোহাৱা সকলক ৰাষ্ট্ৰহীন কৰাৰ আশংকাৰ কথা উল্লেখ কৰাৰ লগতে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত  মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ বুলি আশংকা প্ৰকাশ কৰা হৈছে।

মাৰ্কিন প্ৰতিবেদনখনত নগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰা হয়। প্ৰতিবেদনত উল্লেখিত মতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা বুলি উদ্বেগ প্ৰকাশ কৰা হৈছে।

উল্লেখযোগ্য যে, অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰসংগ উত্থাপন কৰি ভাৰতৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে মুছলমান সংখ্যা প্ৰধান দেশ আক্ৰমণ কৰি অহা আমেৰিকাই।

আনহাতে, আমেৰিকাৰ প্ৰতিবেদনৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বহিঃ পৰিক্ৰমা মন্ত্ৰণালয়ে ভাৰতৰ গণতন্ত্ৰ আৰু আইন-প্ৰশাসনৰ প্ৰতি থকা অনুগত্যক সমালোচনা কৰাৰ অধিকাৰ কোনো বহিঃৰাষ্ট্ৰৰ চৰকাৰৰ নাই বুলি স্পষ্ট কৰি দি তেওঁলোকে ভাৰতৰ কথাত মুৰ ঘমোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে।

Related News