• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কথা দি কথা ৰাখিলে গৌৰৱ গগৈয়ে, ১০ ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’ব যোগদান কাৰ্যসূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2025 8:19 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ চৰকাৰ আহিলে ‘মামী টেক্স’ বন্ধ কৰা হ’ব। অসমত কোনোবাই উদ্যোগ স্থাপন কৰিব খুজিলে বা নিয়োগ সৃষ্টিৰ কাম কৰিব বিচাৰিলে ‘মামী টেক্স’ দিয়াৰ ব্যৱস্থা হৈছে। ‘মামী টেক্স’ৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। তিনিচুকীয়াৰ ফিল’বাৰীত আজি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে অসমত অবৈধভাৱে মামী টেক্স চলি আছে।

কয়লা ছিণ্ডিকেট, বালি ছিণ্ডিকেট, ছুপাৰি ছিণ্ডিকেট আৰু মামি টেক্সৰ বাবে আজি সাধাৰণ ৰাইজ জুৰুলা হৈছে। অসমত চাহ উদ্যোগৰ অৱস্থা বেয়া হৈছে। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিল যে অসমৰ ৰাইজে চাহ, গঁড়, তেল আৰু জুবিন গাৰ্গক সম্পদ বুলি ভাবে। কিন্তু এতিয়া সেই সম্পদৰ ওপৰত হাতোৰা চলিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে। তিনিচুকীয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ মৰাণকে ধৰি জিলাখনৰ একাংশ বিজেপি নেতা-কৰ্মীয়ে আজি কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দল আৰু চৰকাৰক চোকা সমালোচনা কৰি কংগ্ৰেছ দলত যোগদান কৰে। তিনিচুকীয়াৰ ফি’লবাৰীত আজি বিভিন্ন দল-সংগঠনৰ প্ৰায় ১০০০ লোকে কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰে।

Apply Now

ইফালে, গুৱাহাটী মহানগৰত মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ৰিপুণ বৰা, ভূপেন বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ উপস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেবাজনো অধিবক্তা, বিজেপি দলৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা সদস্য আৰু জ্যেষ্ঠ নাগৰিকে কংগ্ৰেছত যোগদান কৰে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, কামৰূপ গ্ৰাম্য জিলাতো আজি শ শ লোকে কংগ্ৰেছ দলত যোগদান কৰে। সাংসদ ৰকিবুল হুছেইনৰ আহ্বানত ধুবুৰী জিলাতো আজি কেবাশ লোকে কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰে।

একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উদ্যোগত নগাঁও আৰু মৰিগাঁও জিলাতো বিজেপি দলৰ নেতা-কৰ্মীৰ লগতে আন দলৰ বহু নেতাই কংগ্ৰেছ দলত যোগদান কৰে। বৰপেটা জিলাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কেবাশ লোকে কংগ্ৰেছত যোগদান কৰে।

একেদৰে বিয়লিৰ ভাগত নলবাৰীত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ কেবাশ লোকে দলত যোগদান কৰে। শোণিতপুৰ জিলাত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু বিধায়িকা শিৱামণি বৰাৰ তত্ৱাৱধানত প্ৰায় ২০০ লোকে কংগ্ৰেছত যোগদান কৰে। দৰং আৰু ওদালগুৰি জিলাতো কেবাশ লোকে কংগ্ৰেছ দলত যোগদান কৰে। ৰাজ্যখনৰ ৩৫খন জিলাৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰায় ৯৫০০ লোকে আজি কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। গোৱালপাৰা, বঙাইগাঁও, দক্ষিণ শলমাৰা-মানকাছাৰ, বাক্সা আদি জিলাসমূহতো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কংগ্ৰেছ দলত বহু লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীৰ পিছত তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে আমি কথা দি কথা ৰাখিলো।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত যি কয় অসমৰ ৰাইজে সেয়া বিশ্বাস নকৰে বুলি উল্লেখ কৰি গগৈয়ে কয় যে ১০ ছেপ্টেম্বৰত আমি ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলো। ১০ অক্টোবৰত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত বিজেপি দল আৰু চৰকাৰৰ প্ৰতি আশা ভংগ হৈ হাজাৰ হাজাৰ লোকে কংগ্ৰেছ দলত যোগদান কৰিব বিচাৰিলে আৰু সেইবাবে আমি জিলাই জিলাই যোগদানৰ কাৰ্যসূচী আৰম্ভ কৰিবলগীয়া হ’ল। গগৈয়ে লগতে কয় যে অহা ১০ ডিচেম্বৰতো পুনৰ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd