জল সংকটত ৰাজধানী : তিনি চুবুৰীয়া ৰাজ্যৰ পৰা পানী বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেজৰিৱাল চৰকাৰ

তীব্ৰ গৰমে দহিছে দিল্লীবাসীক। তাপমাত্ৰাই স্পৰ্শ কৰিছে ৪৭ ডিগ্ৰী। এই পৰিস্থিতিত দিল্লীৰ কেইবাটাও অঞ্চলৰ বাসিন্দা ভয়াৱহ জল সংকটৰ সাক্ষী হৈ পৰিছে। জল সংকট সমাধানৰ বাবে চুবুৰীয়া তিনিখন ৰাজ্যৰ পৰা সহায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অৰবিন্দ কেজৰিৱালৰ চৰকাৰ। কেন্দ্ৰীয় চৰকাৰলৈও পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে।

দিল্লী চৰকাৰে এই আবেদনত হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা অতিৰিক্ত পানী বিচাৰিছে।

চৰকাৰৰ মতে, গ্ৰীষ্মকালত পানীৰ চাহিদা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আন ৰাজ্যৰ পানী যোগান অবিহনে দিল্লীৰ পানী যোগানৰ চাহিদা পূৰণ কৰিব নোৱাৰি। দিল্লী চৰকাৰে আদালতত দাবী কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানীৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো আন ৰাজ্যৰ কৰ্তব্য।

উচ্চতম ন্যায়ালয়ত আবেদন দিয়াৰ উপৰিও দিল্লী চৰকাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

দিল্লীৰ মন্ত্ৰী আতিশিয়ে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতলৈ লিখা পত্ৰখনত লিখিছে, “দিল্লী দৈনন্দিন পানীৰ প্ৰয়োজনীয়তা পূৰণৰ চৰকাৰ বাবে যমুনা নদীৰ পানীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। যোৱা কেইদিনমানৰ পৰা ৱাজিৰাবাদৰ বেৰেজৰ পানী মুকলি নকৰাৰ বাবে যমুনাৰ জলস্তৰ ভয়ংকৰভাৱে হ্ৰাস পাইছে। যাৰ বাবে পানীৰ সংকটৰ সন্মুখীন হ’বলগা হৈছে।

চাণক্যপুৰীৰ সঞ্জয় কেম্প আৰু গীতা কলনী অঞ্চলকে ধৰি দিল্লীৰ কেইবাটাও অঞ্চলত তীব্ৰ জল সংকট দেখা গৈছে। গৰমৰ দিনত পানীৰ বটল এটাৰ বাবে দীঘলীয়া শাৰী পাতি মানুহ থিয় হ’বলগীয়া হৈছে। ফলত চৰকাৰৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে দিল্লীবাসী ৰাইজ।

আনহাতে, দিল্লী চৰকাৰে পানীৰ অপচয় বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে জনাইছে যে পানী অপচয় কৰিলে দুহাজাৰ টকা জৰিমনা ভৰিব লাগিব।

জাননী অনুসৰি কোনো ঘৰৰ পানীৰ টেংকিৰ পৰা পানী ওফন্দি উঠিলে, ব্যক্তিগত গাড়ী বা আন বাহন ধুবলৈ খোৱাপানী ব্যৱহাৰ কৰিলে জৰিমনা আৰোপ কৰা হ’ব। এই শাস্তি বলবৎ আৰু নিৰীক্ষণৰ বাবে ২০০ টা দল গঠন কৰা হৈছে।

ইফালে দিল্লীৰ উষ্ণতা আগন্তুক কেইদিনমানলৈ একেই থাকিব বুলি ‘মৌচম ভৱন’এ জানিবলৈ দিয়ে।