২০১৪ চনৰ পৰা ২০২৫ চনলৈ এনডিএ চৰকাৰে যিমান বাজেট দাখিল কৰিছে সেই আটাইবোৰেই আছিল হতাশাজনক বাজেট। এইবাৰৰ বাজেটখনো তাৰ ব্যতিক্ৰম নহ’ল। বাজেটত সাধাৰণ জনতাৰ উন্নয়নৰ বাবে কোনো উল্লেখনীয় কথা নাই। দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেট সন্দৰ্ভত বিশ্লেষণ আগবঢ়াই তেজপুৰত এক সংবাদমেল আয়োজন কৰি আজি এইদৰে কয় ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। তেওঁ কয় যে বাজেটখনত সাধাৰণ জনতাৰ উন্নয়নৰ বাবে কোনো উল্লেখনীয় কথা নাই। ”বাজেটখনত সাধাৰণ জনতাৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবে, দৰিদ্ৰতা দূৰীকৰণৰ বাবে, নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো কথাই নাই।’’- বৰাই কয়। হতাশাজনক বাজেটখনত কেৱল কেনেকৈ কৰ্প’ৰেট গোষ্ঠীক সহায় কৰিব পৰা যায় সেই কথাহে আছে বুলি কয় বৰাই।
বাজেটত নিৰ্ধাৰিত ধন কোন শিতানৰ পৰা কিমান আহিব সেয়া চালেই বাজেটখন যে এখন জনবিৰোধী বাজেট সেয়া স্পষ্ট হৈ পৰে বুলিও সংবাদমেলত উল্লেখ কৰে বৰাই। তেওঁ কয় যে এইবাৰৰ বাজেটখনৰ নিৰ্ধাৰিত ধনৰ সৰহখিনিয়েই আহিব ঋণৰ শিতানৰ পৰা। বৰাই কয়, ”বাজেটত ঋণৰ শিতানৰ পৰা আহিব ২৪ শতাংশ। আয়কৰৰ পৰা আহিব ২১ শতাংশ, কৰ্প’ৰেট খণ্ডৰ পৰা আহিব মাত্ৰ ১৮ শতাংশ। জিএছটিৰ পৰা আহিব ১৫ শতাংশ, অন্যান্য উৎসসমূহৰ পৰা আহিব ১০ শতাংশ। আবকাৰী শুল্ক আৰু কাষ্টমছৰ পৰা আহিব ক্ৰমে ৬ আৰু ৪ শতাংশ। কৰবিহীন শিতানৰ পৰা আহিব ২ শতাংশ। অৰ্থাৎ মূল অংশখিনিয়েই আহিব বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা ঋণৰ পৰা।’’ তেওঁ কয় যে অসমত যিদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঋণৰ উপৰি ঋণ লৈ ৰাজ্যবাসীক মাধমাৰ শোধাই আহিছে ঠিক তেনেকৈ কেন্দ্ৰ চৰকাৰেও ঋণ লৈ সাধাৰণ জনতাৰ ওপৰত সেই ঋণৰ বোজা জাপি দিয়াত আজি দেশবাসীৰ অৱস্থা তেনেই শোচনীয় হৈ পৰিছে। এতিয়া এই বৃহৎ পৰিমাণৰ ঋণৰ বোজা দেশৰ জনতাই বহন কৰিব লাগিব বুলিও কয় বৰাই। জনতাক দুখ-কষ্ট দিয়া এনে বাজেটক সম্পূৰ্ণৰূপে জনবিৰোধী বাজেট আখ্যা দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে।
বৰাই আৰু কয় যে ভাৰতবৰ্ষক এখন বিকশিত ভাৰত নামেৰে নামকৰণ কৰিবলৈ বাজেটত অভিলাষী আঁচনি লৈছে যদিও বাজেটত ধার্য্য কৰা বিভিন্ন শিতানত টকাৰ পৰিমাণ লক্ষ্য কৰিলে দেখা যায় যে এয়া প্ৰচাৰমুখী শ্লোগানৰ বাহিৰে আন একো নহয়। উদাহৰণস্বৰূপে তেওঁ আন্তঃগাথনি আৰু যোগাযোগ শিতানত প্রায় ১২.২ লাখ কোটি টকা ধার্য কৰিছে যদিও এই টকাৰ সিংহ ভাগ কেৱল ৭ টা দ্ৰুতবেগী ৰেল ক’ৰিডৰ আৰু ২০টা নতুন ৰাষ্ট্ৰীয় জলপথ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে। কিন্তু দেশখনত অন্যান্য আন্তঃগাথনি বিশেষকৈ গ্রাম্য বাট-পথ, বিজুলী, খোৱাপানী, শিক্ষা, স্বাস্থ্য এই বিলাকত বিশেষ গুৰুত্ব দিয়া হোৱা নাই। স্বাস্থ্য আৰু শিক্ষা শিতানত বাজেটত বৃহৎ পৰিমাণৰ পুঁজি ধাৰ্য কৰিছে যদিও সেয়া এইমছ নির্মাণতে সীমাৱদ্ধ ৰখা হৈছে। ইয়াৰ বিপৰীতে গ্রামাঞ্চলৰ স্বাস্থ্যৰ যি পয়ালগা অৱস্থা, হাস্পতালসমূহৰ উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ, গ্রাম্য আৰু জিলা সদৰত থকা হাস্পতালসমূহত চিকিৎসকৰ অভাৱ, বিনামূলীয়া ঔষধৰ অভাৱ, বিনামূলীয়াকৈ তেজ তথা আন স্বাস্থ্য পৰীক্ষাৰ সুবিধাৰ অভাৱ, আধুনিক যন্ত্র পাতিৰ অভাৱ আদি দূৰ কৰিবৰ বাবে বাজেটত কোনো বলিষ্ঠ পদক্ষেপ লোৱা হোৱা নাই। বাজেটত উচ্চ শিক্ষাত যদিও পুঁজি ধাৰ্য কৰিছে প্রাথমিক শিক্ষাত তেনেদৰে গুৰুত্ব আৰোপ কৰা নাই। ভাৰতবৰ্ষত নিম্ন প্ৰাথমিক পর্যায়ত স্কুল এৰাৰ হাৰ ১.৫ শতাংশ, উচ্চ প্ৰাথমিকত স্কুল এৰাৰ হাৰ ৩ শতাংশ আৰু মাধ্যমিক পৰ্যায়ত এই হাৰ ১২.৬ শতাংশ হোৱা স্বত্বেও এইবাৰ বাজেটত শিক্ষাৰ এনে ভয়াৱহ অৱস্থাৰ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা নাই বুলি বৰাই অভিযোগ কৰে।
ঔষধৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয় যে ভাৰতবৰ্ষত বিভিন্ন ৰোগৰ বাবে বৰ্তমান প্রায় ৮০০০ বিধ ঔষধ প্রচলিত হৈ আছে। এতিয়া কেৱল কেঞ্চাৰ ৰোগৰ বাবে ১৭ বিধ ঔষধ আৰু অন্যান্য দুৰাৰোগ্য ৰোগৰ বাবে ৭ বিধ ঔষধৰ দামহে বাজেটত সামান্য ভাবে কম কৰিছে। কিন্তু বিগত কালচোৱাত বিভিন্ন ঔষধৰ দাম ১০০ শতাংশ পর্যন্ত বৃদ্ধি হৈছে আৰু সেইবোৰ কম কৰিবৰ বাবে কোনো ব্যৱস্থা এই বাজেটত লোৱা দেখা নগ’ল। এতিয়া ১৭ বিধ কেন্সাৰ ৰোগৰ ঔষধৰ দাম কমোৱাৰ ফলত একাংশ কেন্সাৰ ৰোগী উপকৃত হ’ব সঁচা কিন্তু এয়া এপাচি শাকত এটা জালুকৰ নিচিনা বুলিও কয় বৰাই। ইয়াৰ বিপৰীতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ভাৰতবৰ্ষৰ কোটি কোটি লোকৰ বাবে ঔষধৰ দাম কম নকৰাটো চৰকাৰৰ দৰিদ্ৰ বিৰোধী নীতিৰ বাহিৰে আন একো নহয়।
বৰাই কয়, ”এই বাজেট খন যে দৰিদ্র্য বিৰোধী বাজেট ইয়াক আকৌ এবাৰ প্ৰতিফলিত হ’ল কাৰণ কভিদৰ সময়ত দেশত চাৰে চাৰি কোটি এমএছএমই বন্ধ হৈ গৈছিল। সেই বন্ধ হৈ যোৱা এমএছএমইসমূহ এইবাৰৰ বাজেটতো পুনৰুজ্জীৱিত কৰিবৰ বাবে এপইচাও ধাৰ্য নকৰিলে। যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰ সৱলীকৰণ নহয় তেতিয়া হ’লে দেশৰ উন্নয়ন কিদৰে সম্ভৱ হ’ব। চৰকাৰে কেৱল বৃহৎ উদ্যোগপতিসকলৰ বাবে বাজেটত ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ পৰা এই চৰকাৰখন যে পুঁজিপতিৰ প্ৰতি দায়ৱদ্ধ সেয়া প্রমাণিত হৈছে।’’ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে বাজেটত উল্লেখ থকা অসমৰ প্ৰসংগও উল্লেখ কৰি কয় যে অসমৰ বেলিকাও বাজেটত কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে চাইছে। তেওঁ কয় যে অসমৰ বাবে নিৰ্ধাৰণ কৰা ধনৰ সৰহভাগেই কেৱল হাইৱে নির্মাণতহে খৰচ কৰিব। তেওঁ কয়, ”হাইৱেৰ উন্নয়ন হ’লেই গাঁৱৰ উন্নয়ন হোৱা নুবুজায়। যেতিয়ালৈকে গাঁও অঞ্চলৰ ৰাস্তা ঘাট, দলং আদিৰ ভাল ব্যৱস্থা নহয় তেতিয়ালৈকে আমি গাঁৱৰ উন্নয়ন হোৱা বুলি ক’ব নোৱাৰো। যিহেতু বাজেটখনৰ মূল লক্ষ্য হৈছে কেৱল চহৰমুখী আৰু পুঁজিবাদী সেই কাৰণে দেখা হৈছে যে গাওঁ অঞ্চলৰ যাতায়তৰ বাবে পুঁজি ধাৰ্য্য নকৰি কেৱল হাইৱে নির্মাণত অধিক পুঁজি ধাৰ্য্য কৰিছে।’’ যদিও বাজেটখনত দুর্যোগ প্রশমন বিভাগত পর্যাপ্ত পুঁজিৰ আবণ্টন দেখুওৱা হৈছে বাস্তৱিকতে এইটো বাজেটতে সীমাবদ্ধ থাকিব। কাৰণ যোৱা ১০ বছৰত অসমত প্ৰতি বছৰে হোৱা প্রলয়ংকাৰী বানত ক্ষয়-ক্ষতিৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ ওচৰত যি প্ৰস্তাৱ দাখিল কৰিছিল তাৰ ফুটাকৰি এটাও মোকলাই নিদিলে। ঠিক একেদৰে দুৰ্যোগ প্রশমনত প্রায় ২৭০০০ কোটি টকা কেন্দ্ৰৰ পৰা পাবলগীয়া আছে। সেই টকা আজিও অসমে লাভ নকৰিলে। গতিকে এই তথ্যৰ পৰা স্পষ্ট যে যদিও দুর্যোগ প্রশমন বিভাগত পুঁজি ধাৰ্য্য কৰিছে অসমে এই পুঁজিৰ ভাগ লাভ কৰিবলৈ নাপাব। একেদৰে অসমে পাব লগা ড’নাৰ মন্ত্ৰণালয়ৰ ৮০০০ কোটি টকা আজিলৈকে মোকলাই দিয়া নাই। এতিয়াও ড’নাৰ মন্ত্ৰণালয়ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ ১৮৬ খন ৰূপায়িত হৈ থকা আঁচনি বৰ্তমান পুঁজিৰ অভাৱত আধৰুৱা হৈ আছে বুলিও কয় বৰাই।
বৰাই আৰু কয়, ”ছেমি কণ্ডাক্টৰ মিছনত ৪০ হাজাৰ কোটি টকা ধাৰ্য্য কৰাৰ লগতে চিপ মেনুফেকচাৰিং, বায়’ ফাৰ্মা শক্তি শিতানত ১০ হাজাৰ কোটি আৰু বায়’ ফাৰ্মা হাব নির্মাণত ১০ হাজাৰ কোটি ধাৰ্য্য কৰিছে যদিও অসমৰ ছেমি কণ্ডাক্টৰত থলুৱা লোকৰ নিযুক্তি নিশ্চিতকৰণৰ ওপৰত বাজেটত কোনো ব্যৱস্থা ৰখা নাই। অসমৰ চাহ উদ্যোগৰ প্ৰতি বৰ্তমান যি ভাবুকি আহিছে ইয়াক প্ৰতিৰোধৰ বাবেও বাজেটত কোনো উল্লেখনীয় পদক্ষেপ নাই।’’ আনহাতে, অসমৰ ৰেল সেৱা সম্প্ৰসাৰণ, বিজুলী আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, জল জীৱন মিছনৰ চৰম ব্যৰ্থতা ৰোধ কৰিবৰ বাবে আৰু অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে বাজেটত বিশেষ কোনো পদক্ষেপ লোৱা দেখা নগ’ল বুলিও বৰাই কয়। তেওঁ আৰু কয় যে বিজেপি চৰকাৰখনে অসমক ভাৰতৰ ৫ খন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন শ্রেষ্ঠ ৰাজ্য কৰিম বুলি দিয়া প্রতিশ্রুতি আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ কৰা হ’ব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দিয়া প্রতিশ্রুতি আৰু প্রধানমন্ত্রীয়ে সঘনাই এ ফৰ আছাম বুলি কোৱা কথাবিলাক আভুৱাভৰাৰ বাহিৰে আন একো নহয়।
উল্লেখ্য যে আজিৰ এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম বিভাগৰ প্ৰতিনিধি হৰ্ষদ শৰ্মা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ সম্বিত শৰ্মাৰ লগতে শোণিতপুৰ জিলা সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ কল্যাণ শইকীয়াকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে।





