• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেলজিয়ামৰ চলচ্চিত্ৰ মহোৎসৱত ‘দ্যা মেন হু স্পিকচ নেচাৰ’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 20, 2019 6:43 pm

2 min read

বেলজিয়ামৰ চলচ্চিত্ৰ মহোৎসৱত ‘দ্যা মেন হু স্পিকচ নেচাৰ’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান
20.3k
VIEWS
Share on FacebookShare on Twitter

বেলজিয়ামত অনুষ্ঠিত প্রকৃতি বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহােৎসৱত অসমৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাৰ ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ চুটি ছবিখন শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছে। বেলজিয়ামৰ নামূৰ চহৰত ১১ৰ পৰা ২০ অক্টোবৰলৈ আয়োজিত মহোৎসৱটোৰ নাম Festival International Nature Namur।

ইতিমধ্যে বহুলভাবে সমাদৃত ধৃতিমান আৰু ৰক্তিমৰ ছবিখনে মহোৎসৱটোৰ “Professional Films Competition Category”ত বিশ্বৰ ৪২ ছবিৰ ভিতৰত শ্রেষ্ঠ চুটি ছবি হিচাপে নির্বাচিত হয়।

নামূৰৰ এচিনাপ’লিচ ম’ভি থিয়েটাৰত ১৮ অক্টোবৰত ছবিখন প্রদর্শন কৰা হয় আৰু ১৯ অক্টোবৰত অনুষ্ঠিত বঁটা বিতৰণি অনুষ্ঠানত ছবিখনক উক্ত বঁটাৰে সন্মানিত কৰা হয়।

উল্লেখযোগ্য যে পৰিৱেশ সচেতনতা তথা সজাগতাৰ উদ্দেশ্যে ১৯৯৫ চনৰ পৰা একেৰাহে বেলজিয়ামত এই মহােৎসৱ অনুষ্ঠিত হৈ আহিছে। উক্ত মহােৎসৱখনক ইউৰােপত অনুষ্ঠিত এনেধৰণৰ মহােৎসৱসমূহৰ ভিতৰত শীর্ষ ৫খন মহােৎসৱৰ অন্যতম।

শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই ছবিখনৰ পৰিকল্পনা ৰক্তিম হাজৰিকাৰ, নির্দেশনা ধৃতিমান কাকতিৰ, চিনেমেট্ৰ’গ্রাফী আৰু সম্পাদনা ৰক্তিম হাজৰিকাৰ। দুয়োজনে বােকাখাতৰ যুৱক।

কাজিৰঙা বচা গাঁও নিবাসী, পৰিৱেশকর্মী মনােজ গগৈৰ প্রকৃতি সংৰক্ষণ বিষয়ক কর্মৰাজিৰ ওপৰত আধাৰিত এই ছবিখনৰ পৰিচালক ২০ বছৰীয়া ধৃতিমান কাকতি হিমাচল প্রদেশৰ ছিমলাত গণসংযােগ আৰু সাংবাদিকতা পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰু ছবিখনৰ চিনেমেট’গ্রাফাৰ তথা সম্পাদক ২১ বছৰীয়া ৰক্তিম হাজৰিকা বি চি এৰ স্নাতক।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd