বৰফ গলিল! পূব লাডাখ সীমান্তত পিছুৱাই যাবলৈ সন্মত ভাৰত আৰু চীনৰ সেনা

cdc75cb1-9fe4-4ea9-a57e-9a6e383ed46c-750x375

ফাইল ফটো। সৌজন্য: ৰাইজিং কাশ্মীৰ

পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চীনৰ পিনে ম’ল্ডত সোমবাৰে হোৱা ভাৰত-চীনৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াৰ আলোচনা যোগাত্মক ৰূপে পৰিগণিত হৈছে।

ইয়াৰ পাছতে দুয়োখন দেশৰ সেনা পূব লাডাখৰ পৰা পিছুৱাই যোৱাৰ বাবে সন্মতি প্ৰকাশ কৰে।

মঙলবাৰে ভাৰতীয় সেনাই কয়,’’কৰ্পছ কমাণ্ডাৰ পৰ্যায়ত সোমবাৰে হোৱা ভাৰত-চীনৰ মাজৰ আলোচনা সৌহাৰ্দ্যপূৰ্ণ, যোগাত্মক আৰু ইতিবাচক পৰিৱেশত সামৰণি পৰে। দুয়োখন দেশৰ সেনা সন্মতিক্ৰমে পিছুৱাই যোৱাৰ সিদ্ধান্ত লোৱা হয়।‘’

ইপিনে, সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে মঙলবাৰে লাডাখলৈ ৰাওনা হৈছে।

তেওঁ ১৪ ক’ৰৰ বিষয়াসকলৰ সৈতে প্ৰকৃত স্থিতি তথা চীনা সেনাৰ সৈতে আলোচনাৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰিব।

সেনা প্ৰধানগৰাকীয়ে মঙলবাৰ আৰু বুধবাৰে দুয়োদিনে লাডাখত চীনা সেনাৰ সৈতে চলি থকা ছয় সপ্তাহজোৰা উত্তেজনা সম্পৰ্কে তাত থকা কমাণ্ডাৰসকলৰ সৈতে আলোচনা কৰিব।

সোমবাৰে ১২ ঘন্টা জুৰি চলা ভাৰত আৰু চীনৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাত সীমান্তৰ উত্তেজনাকলৈ বিশেষভাৱে আলোচনা কৰা হয়।

আলোচনাকালত ভাৰতে চীনা সেনাক যোৱা এপ্ৰিল মাহত থকা অৱস্থানলৈ উভতি যাবলৈ কয়। ভাৰতীয় পক্ষই সীমান্তৰ পূৰ্বৰ স্থিতি অক্ষুন্ন ৰখাৰ চীনা পক্ষক দাবী জনায়।