• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উন্নয়নৰ গংগা! বিজ্ঞাপনৰ নামত ১০ বছৰত মোদী চৰকাৰে ব্যয় কৰিলে ৪,৪৮২.৮৬ কোটি

অঞ্জুমান ভৰদ্বাজ by অঞ্জুমান ভৰদ্বাজ
August 28, 2024 4:32 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেক্ষাপটত পুনৰ এবাৰ মোদী চৰকাৰ! এইবাৰৰ বিষয় বিগত দহ বছৰত বিভিন্ন প্ৰচাৰ মাধ্যমত বিজ্ঞাপনৰ নামত কিমান টকা খৰচ কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে৷উক্ত খৰচ সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ সাংবাদিক কোকিল শইকীয়াই কেন্দ্ৰীয় যোগাযোগ সংস্থা চমুকৈ CBC লৈ প্ৰেৰণ কৰা RTI আবেদনত আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে৷

শইকীয়াই প্ৰেৰণ কৰা আবেদনৰ ভিত্তিত কেন্দ্ৰীয় যোগাযোগ সংস্থাই বিজ্ঞাপন আৰু দৃশ্য প্ৰচাৰ সঞ্চালকালয়ৰ দ্বাৰা চৰকাৰী বিজ্ঞাপনৰ নামত খৰচ কৰা ধনৰ তালিকা প্ৰদান কৰিছে৷উক্ত হিচাপত ইণ্টাৰনেট,এছএমএছ আৰু ডিজিটেল চিনেমাৰ দ্বাৰা হোৱা বিজ্ঞাপনৰ খৰচ সংস্থাটোৱে প্ৰদান কৰিছে৷

আৰটিআই আবেদন নং- DOAVP/R/X/24/00113ৰ প্ৰত্যুত্তৰত CBC ID No. 02/08/2024/RTI/134ত দিয়া উত্তৰসমূহ তলত উল্লেখ কৰা হ’ল৷
প্ৰশ্ন নং ১- ২০১৪ চনৰ পৰা ২০২৪ চনলৈ বিজ্ঞাপনৰ নামত ভাৰত চৰকাৰে ব্যয় কৰা ধনৰ পৰিমাণ কিমান?
উত্তৰ: ভাৰত চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় যোগাযোগ সংস্থাই ইণ্টাৰনেট,মেছেজ আৰু ডিজিটেল চিনেমাত ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈকে কৰা ব্যয় কৰা ধনৰ মুঠ পৰিমাণ- ৬৯১.৫১কোটি টকা৷
প্ৰশ্ন নং ২- কোনকেইটা সংবাদ প্ৰতিষ্ঠানক ২০১৪ চনৰ পৰা ২০২৪ চনলৈ বিজ্ঞাপন দিয়া হৈছিল?
উত্তৰ: পোৱা নগ’ল৷
প্ৰশ্ন নং ৩- ২০১৪ চনৰ পৰা ২০২৪ চনলৈ বছৰি সংবাদ প্ৰতিষ্ঠানসমূহে বিজ্ঞাপনৰ নাম কিমান ধন লাভ কৰিলে?
উত্তৰ- ক)ডিজিটেল চিনেমাৰ বিজ্ঞাপনৰ নামত খৰচ হ’ল ৫০০.২৪ কোটি টকা৷
খ) ইণ্টাৰনেটত বিজ্ঞাপনৰ নামত ব্যয় কৰা হ’ল ১৪৬ .৫৬ কোটি টকা৷
গ) মেছেজৰ জৰিয়তে বিজ্ঞাপন দিয়াৰ বাবদ খৰচ হ’ল ৪৬.০১ কোট টকা৷

Apply Now


প্ৰশ্ন নং ৪- ২০১৪ চনৰ পৰা ২০২৪ চনলৈ বিজ্ঞাপনৰ নামত ভাৰত চৰকাৰে ব্যয় কৰা ধনৰ পৰিমাণ কিমান?(ইলেক্ট্ৰ’নিক মিডিয়া)
উত্তৰ: কেন্দ্ৰীয় যোগাযোগ সংস্থাৰ দ্বাৰা ভাৰত চৰকাৰে ইলেক্ট্ৰনিক মিডিয়া যেনে- টেলিভিশ্যন,ৰেডিঅ’ আদিমাধ্যমত ২০১৪ চনৰ পৰা ২০২৪ চনৰ ১৫ আগষ্টলৈকে বিজ্ঞাপনত ব্যয় কৰা মুঠ ধনৰ পৰিমাণ হ’ল- ৩,০৯৮.৫৪ কোটি টকা৷
প্ৰশ্ন নং ৫- কোনকেইটা ইলেক্ট্ৰ’নিক মিডিয়া প্ৰতিষ্ঠানক ২০১৪ চনৰ পৰা ২০২৪ চনলৈ বিজ্ঞাপন দিয়া হৈছিল?
উত্তৰ: পোৱা নগ’ল
প্ৰশ্ন নং ৬- ২০১৪ চনৰ পৰা ২০২৪ চনলৈ বছৰি ইলেক্ট্ৰ’নিক সংবাদ প্ৰতিষ্ঠানসমূহে বিজ্ঞাপনৰ নামত কিমান ধন লাভ কৰিলে?
উত্তৰ: পোৱা নগ’ল৷

এই আৰটিআই প্ৰতিবেদনত প্ৰাপ্ত তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২৪ চনৰ আগষ্ট মাহৰ মাজভাগলৈকে ভাৰত চৰকাৰে ১০ বছৰত বিজ্ঞাপনৰ নামত ৪,৪৮২.৮৬ কোটি টকা ব্যয় কৰিলে৷

কিন্তু আশ্চৰ্যজনক কথাটো হ’ল দেশৰ অৰ্থনীতিৰ এই দুৰ্দশাগ্ৰস্ত সময়খিনিত বিজ্ঞাপনত ইমান পৰিমাণৰ ধন খৰচে প্ৰকৃততে কি সূচাইছে? যিটো সময়ত দেশৰ চৰকাৰীখণ্ডৰ চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাৱত ৰোগীৰ মৃত্যু হৈছে, ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা বাছি লৈ অন্নদাতা কৃষকে সেই সময়ত এই বিজ্ঞাপনৰ প্ৰচাৰ কাৰ বাবে কৰিছে নৰেন্দ্ৰ মোদীয়ে? কোভিডৰ দৰে মহামাৰীৰ সময়তো বিজ্ঞাপনৰ নামত শশ কোটি টকা খৰচ কৰা বিজেপি চৰকাৰে দেখিছেনে দেশৰ বুভুক্ষ জনগণৰ কাতৰ যন্ত্ৰণা৷বিশ্বৰ সুখী দেশসমূহৰ তালিকাত নেপাল(৯৩),পাকিস্তান(১০৮),ম্যানমাৰ(১১৮)তকৈ কৈয়ো পাছত ভাৰতে ১২৬ সংখ্যক স্থানহে লাভ কৰিছে!এনে পৰিস্থিতিত বিজ্ঞাপনৰ নামত এনে সিংহ ধনৰাশি ব্যয় এখন দেশৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ নৈতিকতাৰ বিৰুদ্ধ নহয়নে?

অঞ্জুমান ভৰদ্বাজ

অঞ্জুমান ভৰদ্বাজ

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd