NORTHEAST NOW (Assamese)

চোৱাচিতাৰ বাবে পৰিশোধ কৰা নাই ধন, বাকী ৬৩ লাখ টকা! কি অৱস্থাত আছে মেহুলৰ মুম্বাইৰ ফ্লেটসমূহ…

April 15, 2025 10:38 am · এন ই নাও নিউজ, গুৱাহাটী

পঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকাৰ জালিয়াতিৰ গোচৰসৈতে জড়িত মেহুল চৌকচী। কেইবাবছৰ ধৰি তেওঁ দেশ এৰি পলায়ন কৰিছিল। অৱশেষত সোমবাৰে মেহুল চোকছীক গ্ৰেপ্তাৰ কৰে বেলজিয়াম আৰক্ষীয়ে। এই গ্ৰেপ্তাৰৰ জোছত মেহুলৰ পুৰণি কিছুমান কাৰ্যকলাপৰ পুনৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে। তাৰে এটা হল তেওঁৰ মুম্বাই ফ্লেটৰ বাবে ঋণী হোৱা বৃহৎ পৰিমাণৰ ধন।

মুম্বাইৰ মালাবাৰ হিলৰ গকুল এপাৰ্টমেণ্টত মেহুল চোকচিৰ একাধিক ফ্লেট আছিল। কিন্তু তাত বহুদিন নাথাকিবৰ বাবে আজি সেই ফ্লেটবোৰ প্ৰায় জৰাজীৰ্ণ অৱস্থাত আছে। অৱশ্যে স্থানীয় ৰাইজে জনোৱা মতে, যোৱা ৭ বছৰত চোকচিয়ে ফ্লেটটোৰ কোনো ৰক্ষণাবেক্ষণ মাচুল আদায় দিয়া নাই। বাকী থকা ধনৰাশি প্ৰায় ৬৩ লাখ টকা! পিএনবিৰ গোচৰত এই ফ্লেটসমূহৰ নাম অহাৰ পিছত ইতিমধ্যে ইডিয়ে জব্দ কৰিছিল এই ফ্লেটসমূহ। এতিয়া পোহৰলৈ আহিছে যে পলাতক ব্যৱসায়ীজনে কেতিয়াও তেওঁলোকৰ ৰক্ষণাবেক্ষণ মাচুল আদায় দিয়া নাছিল।

এটা সৰ্বভাৰতীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি গকুল এপাৰ্টমেণ্টৰ নৱম, দশম আৰু একাদশ মহলাত মেহুলৰ তিনিটা ইউনিট আছে। তাৰ ভিতৰত ১১ নং মহলাত টেৰেচ আছে। সেই ফ্লেটবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় ধন নিদিলে চোকচীয়ে। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে আন এটা আৱাসিক স্থান দখল কৰাৰ অভিযোগো উত্থাপন হৈছিল।

স্থানীয় ৰাইজৰ মতে বহুমহলীয়া ভৱনটোৰ সংস্কাৰৰ সময়ত তিনিটা ইউনিটৰ প্ৰতিটোৰ বাবে ৩০-৩৫ লাখ টকা খৰচ কৰা হৈছিল। মুঠতে মেহুল চোকচীৰ বাকী থকা ঋণ ১ কোটি টকাৰ ওচৰ চাপিছে। ফ্লেটটো জব্দ কৰা হয়, যাৰ ফলত ইয়াৰ ভিতৰত চোৱাচিতা কৰা হোৱা নাই। ইয়াৰ বাবেই সমগ্ৰ ওখ অট্টালিকাটোৰ ক্ষতিসাধন হোৱাৰ অভিযোগ বাসিন্দাসকলে। ইয়াৰ বাবে শীঘ্ৰে কিবা পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

Related News