NORTHEAST NOW (Assamese)

অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীৰ প্ৰশ্ন : ১২ বজালৈকে স্থগিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশন

July 28, 2025 12:16 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

‘অপাৰেশ্যন সিন্দুৰ’ক লৈ লোকসভা আৰু ৰাজ্য সভাত বিৰোধীয়ে প্ৰতিবাদ কৰাৰ পিছত সোমাবাৰে দিনৰ ১২ পৰ্যন্ত স্থগিত ৰখা হৈছে সংসদৰ কাৰ্য্যবিধি।

উল্লেখ্য যে দুপৰীয়া ১২ বজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ‘অপাৰেশ্যন সিন্দুৰ’ বিষয়ত লোকসভাত ভাষণ দিব।

সোমবাৰে পুৱা ১১ বজাৰ পৰা লোকসভাত আৰম্ভ হৈছে প্ৰশ্নকালীন ঘন্টা।

এই সময়ছোৱাত সাংসদসকলৰ প্ৰশ্নৰ উত্তৰ দি আছিল পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে। সেই সময়তে লোকসভাত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।

অধ্যক্ষ ওম বিৰলাই সকলো সদস্যকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

ইয়াৰ পাছতে ওম বিৰলাই লোকসভাৰ কাম-কাজ দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰাখে।

Related News