উত্তৰ-পূবৰ পৰা শিক্ষাৰ্থীৰ গণ প্ৰব্ৰজন হ্ৰাস কৰিবলৈ কেন্দ্ৰৰ নতুন পদক্ষেপৰ ঘোষণা ৰাজ্যিক ড’নাৰ মন্ত্ৰীৰ

Equitable development of all NE states priority of our government, Says DoNER Minister

ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং। ফাইল ছবি।

ড’নাৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে সোমবাৰে ঘোষণা কৰিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বহিঃৰাজ্য বা স্বদেশৰ বাহিৰলৈ বিপুল সংখ্যক প্ৰব্ৰজন ভৱিষ্যতে ৰোধ কৰাৰ বাবে কেন্দ্ৰই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

ইণ্ডিয়ান উইমেন প্ৰেছ কৰ্পছে আয়োজন কৰা ‘মীট ড্য প্ৰেছ’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি ড’নাৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে ২০১৪ চনত যেতিয়া ইউপিএ চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া চৰকাৰখনে দিল্লী, পুনে, বেংগালুৰু আদি মহানগৰলৈ ঘাইকৈ শিক্ষাগ্ৰহণ আৰু নিয়োজনৰ বাবে বিপুল সংখ্যক ছাত্ৰৰ আগমণক লৈ সমস্যাত পৰিছিল।

তেওঁ কয়, ‘‘আমি এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছিলোঁ গুৱাহটী বিশ্ববিদ্যালয়ত এটা আছুতীয়া বিভাগ আৰম্ভ কৰিছিলোঁ যিটো বিভাগে যুক্তৰাষ্ট্ৰৰ দৰে বিদ্যায়তনিক ভাষণ প্ৰদান কৰাৰ বাবে বিদ্বানসকলক আমন্ত্ৰণ কৰিছিল। শ্বিলঙত আমি এপিজে আব্দুল কালাম চকীৰ প্ৰৱৰ্তন কৰিছিলোঁ।’’

‘‘চৰকাৰে সকলোকে চাকৰিত নিয়োগ কৰিব নোৱাৰে, কিন্তু ই চাকৰি সৃষ্টি কৰাত সহায় কৰিব পাৰে। এই দিশত আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু বিত্তীয় সহায় আগবঢ়াইছোঁ। ই প্ৰকাশ ঘটিবলৈ প্ৰায় দুবছৰ সময় গ্ৰহণ কৰিছে আৰু সুফল দিবলৈ আৰম্ভ কৰিব যেতিয়া ঘৰতেই নিয়োগৰ সুযোগ লাভ কৰিব তেতিয়াই তেওঁলোকৰ এই গণ প্ৰব্ৰজন হ্ৰাস পাব।’’ মন্ত্ৰীগৰাকীয়ে কয়।

উত্তৰ-পূৰ্বাঞ্চললৈ পুঁজিৰ আবণ্টনৰ ক্ষেত্ৰত বিলম্ব হোৱাৰ বিষয়ে সঘনে উচ্চাৰিত অভিযোগ সন্দৰ্ভত ড’নাৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে বিগত ৪ বছৰত পুঁজি আবণ্টনৰ প্ৰক্ৰিয়াটো সৰলীকৃত কৰি অনা হৈছে।

আমি পুঁজি আবণ্টনৰ প্ৰক্ৰিয়াটো সংশোধন কৰিছোঁ। হাতত লোৱা কামৰ লেখ ল’বলৈ আমি কৃত্ৰিম উপগ্ৰহৰ সহায় গ্ৰহণ কৰিছোঁ আৰু তাৰ পাছত আমি প্ৰমাণপত্ৰ প্ৰদান কৰিছোঁ। আমি স্বচ্ছতা আনিছো আৰু স্বচ্ছতা অনা আৰু স্বচ্ছতাৰ গতিশীলতা বৃদ্ধি কৰাৰ বাবে প্ৰযুক্তিৰ অধিকতৰ ব্যৱহাৰ কৰিছোঁ।’’ তেওঁ কয়।