কুখ্যাত মানৱ সৰবৰাহকাৰী স্কৰ্পিয়নক গ্ৰেপ্তাৰ

ফটো সৌজন্যঃ ডেইলী মেইল।

ইউৰোপৰ অন্যতম কুখ্যাত মানৱ সৰবৰাহকাৰী বাৰ্জান মাজিদক গ্ৰেপ্তাৰ কৰা হৈছে। যাক স্কৰ্পিয়ন নামেৰেও জনা যায়। দেওবাৰে পুৱা ইৰাকৰ কুৰ্দিস্তানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই কথা নিশ্চিত কৰিছে।

শেহতীয়াকৈ ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে বাৰ্জান মাজিদক লৈ এক তদন্তমূলক প্ৰতিবেদন প্ৰকাশ কৰিছে। তেওঁলোকে কুৰ্দিস্তানৰ চুলেমানিয়া চহৰত বাৰ্জানৰ সন্ধান পাইছিল।

প্ৰতিবেদন অনুসৰি, তেওঁ আৰু তেওঁৰ দলটোৱে কেইবাবছৰ ধৰি ইংলিচ চেনেলৰ সিপাৰে নাও আৰু ল’ৰীৰ জৰিয়তে মানৱ সৰবৰাহত যথেষ্ট জড়িত হৈ আছিল। ইংলিচ চেনেলৰ সিপাৰে লাখ লাখ প্ৰব্ৰজনকাৰীক প্ৰেৰণ কৰা বুলিও বাৰ্জানে জনায়।

লগতে পঢ়কঃ চাবাহাৰ বন্দৰক লৈ ভাৰত-ইৰাণৰ চুক্তি; ক্ষুব্ধ আমেৰিকা, দিলে নিষেধাজ্ঞাৰ সকীয়নি!

ব্ৰিটেইনকে ধৰি কেইবাখনো দেশৰ আৰক্ষীৰ ‘ৱাণ্টেড’ তালিকাত বাৰ্জানৰ নাম আছে। আমেৰিকাৰ নেশ্যনেল ক্ৰাইম এজেন্সীয়েও তেওঁক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে।

জানিব পৰা গৈছে যে ব্ৰিটেইনৰ আৰক্ষী বিষয়াসকলে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকৰ ফোনবোৰ পৰীক্ষা-নিৰীক্ষা কৰি চায়। ২০১৬ চনৰ পৰা এটা সন্দেহজনক নম্বৰ বাৰে বাৰে লক্ষ্য কৰে। সেই মোবাইল ফোনবোৰত থকা নম্বৰটো স্কৰ্পিয়ন নামত ৰখা হৈছিল। কেতিয়াবা কেঁকোৰা এটাৰ ছবিৰ সৈতেও নম্বৰটো চেভ কৰা হৈছিল।

এই স্কৰ্পিয়নৰ পৰিচয় প্ৰকাশ কৰিছিল ব্ৰিটেইনৰ নেশ্যনেল ক্ৰাইম এজেন্সীৰ জ্যেষ্ঠ তদন্তকাৰী বিষয়া মাৰ্টিন ক্লাৰ্কে। তেওঁ কয়, তদন্তৰ এটা পৰ্যায়ত বুজা গৈছে যে স্কৰ্পিয়ন আচলতে বাৰ্জান মাজিদ নামৰ এজন কুৰ্দি ইৰাকী।

লগতে পঢ়কঃ মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

অৱশ্যে মাজিদ নিজেই সৰবৰাহৰ বলি হৈছিল। ২০০৬ চনত ঘটিছিল সেই ঘটনা। তেতিয়া তেওঁৰ বয়স আছিল ২০ বছৰ। তেওঁক এখন ল’ৰীত উঠাই ব্ৰিটেইনলৈ পঠিওৱা হৈছিল। কিন্তু এবছৰৰ পাছত তেওঁক দেশ এৰি যাবলৈ কোৱা হ’ল। অৱশ্যে আৰু কেইবছৰমান তেওঁ ব্ৰিটেইনতে থাকিল। বিভিন্ন অপৰাধৰ বাবে কিছু সময় কাৰাগাৰতো কটাবলগীয়া হৈছিল।

অৱশেষত ২০১৫ চনত ইৰাকলৈ প্ৰেৰণ কৰা হয় মাজিদক। কিছু দিনৰ পাছতে তেওঁ মানৱ সৰবৰাহৰ জগতখনত প্ৰৱেশ কৰে। ধাৰণা কৰা হয় যে মাজিদে ডাঙৰ ভাতৃৰ জৰিয়তেই এই অপৰাধত লিপ্ত হৈছিল। তেওঁৰ ডাঙৰ ভাতৃ তেতিয়া বেলজিয়ামৰ কাৰাগাৰত আছিল।