• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাবাহাৰ বন্দৰক লৈ ভাৰত-ইৰাণৰ চুক্তি; ক্ষুব্ধ আমেৰিকা, দিলে নিষেধাজ্ঞাৰ সকীয়নি!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 14, 2024 11:16 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ চাবাহাৰ বন্দৰক লৈ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক  ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰে। তাৰ পিছতে ৱাশ্বিংটনে এই বিষয়টোৰ সন্দৰ্ভত মুখ খুলিলে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ প্ৰধান উপ-মুখপাত্ৰ বেদান্ত পেটেলে কয় যে `যদি কোনোবাই ইৰাণৰ সৈতে ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে সম্ভাৱ্য নিষেধাজ্ঞাৰ বিষয়ে সতৰ্ক হোৱা উচিত।‘

বেদান্ত পেটেলে লগতে কয়, ‘চাবাহাৰ বন্দৰক লৈ ভাৰত আৰু ইৰাণৰ মাজত হোৱা চুক্তিৰ বিষয়ে আমি অৱগত। ভাৰতৰ বৈদেশিক নীতিৰ বিষয়ে আমাৰ ক’বলগীয়া একো নাই। ইপিনে, ইৰাণৰ সৈতে চাবাহাৰ বন্দৰ সন্দৰ্ভত তেওঁলোকৰ চুক্তিও দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ অন্তৰ্গত। অৱশ্যে ইৰাণৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা এতিয়াও অব্যাহত আছে আৰু সেয়া চলি থাকিব।’

লগতে পঢ়কঃ গুৱাহাটীৰ পৰা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ কৰ্মীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Apply Now

তাৰ পিছতে বেদান্ত পেটেলে কয়, ‘যদি কোনোবাই ইৰাণৰ সৈতে ব্যৱসায় কৰাৰ কথা ভাবিছে, তেন্তে তেওঁলোকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হব পাৰে। সেই কথাটো যাতে তেওঁলোকে মনত ৰাখে।’

উল্লেখ্য যে ভাৰতে যেতিয়া পূৰ্বে S400 ক্ষেপণাস্ত্ৰ চিষ্টেমটো ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল, তেতিয়াও আমেৰিকাই দিল্লীক নিষেধাজ্ঞাৰ বিষয়ে সকীয়াই দিছিল। অৱশ্যে ভাৰত তেতিয়াও নিজৰ স্থিতিত অটল আছিল।

মন কৰিবলগীয়া যে চীনে ভাৰতক ‘ঘেৰি’ এটা বাণিজ্যিক কৰিডৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল। চীন-পাক অৰ্থনৈতিক কৰিডৰ জি জিনপিঙৰ সপোনৰ ‘বেল্ট ৰোড ইনিচিয়েটিভ’ৰ অংশ। সেই কৰিডৰৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে বেলুচিস্তান প্ৰদেশৰ গোয়াদাৰ বন্দৰ। কিন্তু এইবাৰ যাতে গোয়াদাৰ বন্দৰ ভাৰতৰ ডিঙিত কাঁইট হৈ নপৰে তাৰ বাবে ভাৰতে ইৰাণৰ সৈতে চাবাহাৰ বন্দৰক লৈ দহ বছৰৰ চুক্তি স্বাক্ষৰ কৰে।

লগতে পঢ়কঃ মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণলৈ গৈ দেশখনৰ চৰকাৰৰ সৈতে চাবাহাৰ বন্দৰত দহ বছৰৰ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰ পৰিচালনাৰ দায়িত্ব বহন কৰিব। এই বন্দৰৰ জৰিয়তে ভাৰতে আফগানিস্তানকে ধৰি মধ্য এছিয়া, আনকি ইউৰোপৰ সৈতেও সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব। ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰক আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। এই কৰিড’ৰৰ জৰিয়তে ভাৰতে ৰাছিয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব।

At Tehran, Iran today, delighted to be part of the signing of the Long Term Bilateral Contract on Chabahar Port Operations in presence of HE Mehrdad Bazrpash, Minister of Roads & Urban Development, Iran. 

India will develop and operate Iran's strategic Chabahar Port for 10… pic.twitter.com/iXwekIk8ey

— Sarbananda Sonowal (@sarbanandsonwal) May 13, 2024

ইয়াৰ পূৰ্বে ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণ ভ্ৰমণ কৰাৰ সময়ত দুয়োখন দেশে চাবাহাৰ বন্দৰক লৈ চুক্তি স্বাক্ষৰ কৰিছিল। তাৰ পিছত ২০১৮ চনত ইৰাণৰ তদানীন্তন ৰাষ্ট্ৰপতি হাছান ৰৌহানী ভাৰতলৈ আহিছিল। ইয়াৰ পিছতে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে চাবাহাৰ বন্দৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছতে শেহতীয়াকৈ ২০২৪ চনৰ জানুৱাৰী মাহত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ইৰাণলৈ গৈছিল। সেই সময়তো এই বিষয়ে আলোচনা হৈছিল। তাৰপিছতে সোমবাৰে সৰ্বানন্দ সোণোৱালে ইৰাণত উপস্থিত হৈ চাবাহাৰ বন্দৰক লৈ হোৱা চুক্তিত স্বাক্ষৰ কৰে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd