পিতৃ-মাতৃৰ কাজিয়া : ৬ বছৰীয়া মূক-বধিৰ শিশুক ঘৰিয়ালৰ মুখৰ আগত পেলাই দিলে মাতৃ্য়ে

জন্মৰে পৰা শিশুটি আছিল বিশেষভাবে সক্ষম। কথা ক’ব নোৱাৰিছিল শিশুটিয়ে। আনকি কাণেৰেও শুনা পোৱা নাছিল। যাৰ ফলত শিশুটিক লৈ প্ৰায়েই কাজিয়া হৈছিল পিতৃ-মাতৃৰ মাজত। এই কাজিয়া এনে পৰ্যায় পালেগৈ যে অশান্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে শিশুটিক ঘৰিয়ালেৰে ভৰা নদীত পেলাই দিলে মাতৃ্য়ে।

ইতিমধ্যে শিশুটিৰ মৃত্যু হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই পাষাণ দম্পতীহালক।

আৰক্ষীৰ সূত্ৰ অনুসৰি সাবিত্ৰী আৰু ৰবিকুমাৰ কৰ্ণাটকৰ উত্তৰ কানাড়াৰ দণ্ডেলি তালুক গাঁৱৰ বাসিন্দা। ৩২ বছৰীয়া সাবিত্ৰী এগৰাকী গৃহিণী আৰু ৩৯ বছৰীয়া ৰবিকুমাৰে ৰাজমিস্ত্ৰীৰ কাম কৰে। তেওঁলোকৰ পুত্ৰ বিনোদ জন্মৰ পৰাই বোবা আৰু বধিৰ।  

পুত্ৰৰ অক্ষমতাৰ বাবে দৈনিক অশান্তিৰ সৃষ্টি হৈছিল দম্পতীহালৰ মাজত।  যাৰ ফলত পিতৃ্যে সন্তানটিক নদীত পেলাই দিবলৈ কয়।

ইয়াৰ পিছতে নিশা ৯ মান বজাত মাতৃ সাবিত্ৰীয়ে ৬ বছৰীয়া বিনোদক নদী সংযোগী এটা স্থানীয় এটা ঘৰিয়ালেৰে ভৰা জলাশয়ত সন্তানটিক পেলাই দিয়ে।

এই খবৰ পোহৰলৈ অহাৰ লগে লগে স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। দেওবাৰে পুৱা নদীত উদ্ধাৰ হয় বিনোদৰ মৃতদেহ। ইতিমধ্যে বিনোদৰ এটা হাত ঘৰিয়ালে কামুৰি চিঙি নিছে বুলি অৱগত কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে এই ঘটনাত দম্পতীহালক গ্ৰেপ্তাৰ কৰা হৈছে। আদালতে স্বামী-স্ত্ৰীক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰ বাবে সাবিত্ৰীয়ে স্বামীক দোষাৰোপ কৰিছে। সাবিত্ৰীয়ে অভিযোগ কৰে যে, “এই কাণ্ডৰ বাবে মোৰ স্বামী দায়ী। তেওঁ সদায় বিনোদক লৈ হুলস্থুল কৰিছিল।”