নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ ৪৭ অভিযুক্তক আজি নগাঁও আদালতত হাজিৰ

nilotpal-das-abhijeet-nath
সমগ্ৰ ৰাজ্য তথা দেশ কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৪৭ জন অভিযুক্তক আজি নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অতি কটকটীয়া নিৰাপত্তাৰ মাজেৰে অভিযুক্ত আটাইকেইজনকে পুৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আনি আদালতত হাজিৰ কৰোৱা হয়।
হাজিৰ কৰোৱা পিছতে চৰকাৰী অধিবক্তা, ভোক্তভোগী পৰিয়ালৰ অধিবক্তা আৰু অভিযুক্তসকলৰ অধিবক্তাৰ যুক্তি সমূহ শুনাৰ পিছত আদালতে ৪৭ অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৩/১৪৭/১৪৮/১৪৯/১৮৬/৩৩২/৩৪১/৩০২/৪২৭ ধাৰাৰ অধীনত অভি-নীল হত্যাকাণ্ডৰ গোচৰ পৰিচালনাৰ নিৰ্দেশ দিয়ে। লগতে ৪৭ জন অভিযুক্তৰ মাজৰে এজন অভিযুক্তৰ বিৰুদ্ধে ৩৭৯ৰ আন এক ধাৰা আৰোপ কৰা হয়।
এতিয়াৰে পৰা ৪৭ অভিযুক্তৰ বিৰুদ্ধে এই ধাৰাসমূহৰ অধীনতেই নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। উল্লেখযোগ্য যে নীল-অভি হত্যাকাণ্ডৰ মুঠ অভিযুক্ত ৪৮ জন আছিল যদিও ইয়াৰে এজন অভিযুক্ত নাবালক হোৱাৰ বাবে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ ব’ৰ্ডত চলিব।
ইফালে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে নীল-অভি হত্যাকাণ্ডৰ গোচৰটোৰ প্ৰথম সাক্ষীৰ দিন ২০১৯ বৰ্ষৰ ৫ জানুৱাৰী ধাৰ্য কৰে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰিত সংঘটিত নীল-অভি হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত ডকমকা থানাত ৩৩/২০১৮ নম্বৰত এক গোচৰ ৰুজু হৈছিল।
আৰু এই গোচৰৰ ভিত্তিতে ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কিন্তু অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ অভিভাৱকৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটো ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনা অনুসৰিয়েই গোচৰ প্ৰক্ৰিয়াটো ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰা হয়।
ইফালে ভুক্তভোগী পৰিয়ালৰ অধিবক্তা বিজন মহাজনে সাংবাদিকৰ আগত কয় যে, ‘অভি-নীল হত্যাকাণ্ডৰ গোচৰটোৰ সন্দৰ্ভত আজি অভিযুক্তসকলক আদালতত হাজিৰ কৰোৱাৰ পাছত অভিযোগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। চৰকাৰী  অধিবক্তাৰ যুক্তি আৰু অভিযুক্তৰ পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত আদালতে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ উল্লিখিত ধাৰাৰ অধীনত চলোৱাৰ নিৰ্দেশ দিয়ে আদালতে।’