বিজেপি শাসিত উত্তৰ প্ৰদেশত অব্যাহত আছে ‘নাম সলনিৰ ৰাজনীতি’।
এইবাৰ উত্তৰ প্ৰদেশৰ আলীগড় নামৰ ঠাইক হৰিগড়লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ প্ৰদেশ চৰকাৰে।
ইতিমধ্যে ঠাইখনৰ নাম সলোৱাৰ প্ৰস্তাৱ গৃহীত হৈছে আলিগড় পৌৰসভাত। পৌৰসভাৰ কাউন্সিলাৰসকলে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত কৰিছে।
উল্লেখ্য যে যোগীৰ শাসনৰ কালছোৱাত এলাহাবাদক প্ৰয়াগৰাজলৈ, মোগলচৰাইক দীনদয়াল উপাধ্যায় নগৰলৈ, ফিৰোজাবাদক চন্দ্ৰনগৰলৈ নাম সলনি কৰা হৈছিল।
এইদৰেই যোগী প্ৰশাসনে আন এখন সুপৰিচিত স্থানৰ নাম সলনি কৰিবলৈ ওলাইছে। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত আলিগড়ৰ নাম সলনিৰ ইংগিত পোৱা গৈছিল। এতিয়া ই বাস্তৱত পৰিণত হ’বলৈ গৈ আছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, সোমবাৰে বিজেপিৰ কাউন্সিলাৰ সঞ্জয় পণ্ডিতে পৌৰসভাত আলিগড়ৰ নাম সলনি কৰাৰ প্ৰস্তাৱ দাখিল কৰে। পৌৰসভাৰ কাউন্সিলাৰসকলে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত কৰে।
এই প্ৰস্তাৱ গৃহীত কৰাৰ পিছত আলিগড় পৌৰসভাৰ মেয়ৰ প্ৰশান্ত সিংঘালে কয়, “আলিগড়ৰ নাম হৰিগড়লৈ সলনি কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। পৌৰসভাৰ সকলো কাউন্সিলাৰে এই প্ৰস্তাৱ সমৰ্থন কৰিছে। এইবাৰ প্ৰস্তাৱ প্ৰশাসনলৈ প্ৰেৰণ কৰা হ’ব। আশাকৰোঁ তেওঁলোকে এই প্ৰস্তাৱ বিবেচনা কৰি আমাৰ দাবী পূৰণ কৰিব।’’