ছিৰাছিৰ হৈ ফাটিলে গান্ধী মণ্ডপত এমাহ পূৰ্বে উত্তোলন কৰা দেশৰ তৃতীয় উচ্চতম ৰাষ্ট্ৰীয় পতাকা

torn-flag-1140x570

সমগ্ৰ দেশক লজ্জানত কৰি গুৱাহাটীৰ শৰণীয়া পাহাৰত থকা দেশৰ তৃতীয় উচ্চতম ৰাষ্ট্ৰীয় পতাকাখন হঠাতে ছিৰাছিৰ হৈ পৰিছে। দীপাৱলী উদযাপনৰ দিনা তথা উত্তোলন কৰাৰ এমাহতেই কোনো যথাৰ্থ কাৰণ নথকাকৈ পতাকাখন খহি পৰা ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ এটা অংশ বুলি গৰ্ব কৰা এই ‘আইকনিক’ পতাকা স্তম্ভটোৰ এনে দশা হোৱাত অসম চৰকাৰ যথেষ্ট অস্বস্তিত পৰিছে। উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰায় ২.৫ কোটি টকা ব্যয়সাপেক্ষ দেশৰ তৃতীয় উচ্চতম পতাকা স্তম্ভটো ঠিয় কৰোৱা হৈছিল।  বুধবাৰে পুৱা এই স্তম্ভটোৰ ক্ষতিসাধন হোৱাটো দৰ্শকৰ চকুত ধৰা পৰিছিল। যি সকল লোক এই স্তম্ভটোৰ চোৱা-চিতাৰ দায়িত্বত আছে তেওঁলোকৰ চকুত এযা স্পষ্টভাৱে ধৰা পৰিছিল।
শৰণীয়া পাহাৰত ৩১৯.৫ ফুট ওখ আৰু ১২০×৮০ ফুট পৰিসৰৰ পতাকাসহ দেশখনৰ তৃতীয় উচ্চতম পতাকা স্তম্ভটো গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত টাটা কনছালটেন্সি ইঞ্জিনিয়াৰছ লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছিল।

ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা স্তম্ভটোৰ উচ্চতা হৈছে ৩৬০ ফুট আৰু ইয়াত সংলগ্ন পতাকাখনৰ পৰিসৰ হৈছে ১২০×৮০ ফুট। এই স্তম্ভটো ভাৰত-পাক সীমান্তৰ অমৃতসৰৰ আট্টাৰিত স্থাপন কৰা হৈছে।আনহাতে ২য় দীৰ্ঘতম পতাকা স্তম্ভটো মহাৰাষ্ট্ৰৰ কোলহাপুৰত স্থাপন কৰা হৈছে আৰু ইয়াৰ উচ্চতা হৈছে ৩০৩ ফুট।

শৰণীয়া পাহাৰত এই স্তম্ভটো নিৰ্মাণত পুনেৰ পৰা লৈ অহা উচ্চ ক্ষমতা সম্পন্ন তীখা ব্যৱহাৰ কৰা হৈছে। ২০১৮ৰ এপ্ৰিলত আৰম্ভ কৰা এই প্ৰকল্পটো প্ৰতিযোগিতামূলক নিবিদাৰ ভিত্তিত মেছাৰ্ছ বাজাজ ইলেক্ট্ৰিকেলছক এই কামৰ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু এই প্ৰকল্প নিৰ্মাণ আৰু এবছৰৰ চোৱা-চিতাৰ ব্যয় ধাৰ্য কৰা হৈছিল ২.৯২ কোটি টকা।

সৰ্বাধিক প্ৰতিৰোধী পলি-মেটেৰিয়েল ব্যৱহাৰ কৰি পতাকাখন প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য যে অধিক উচ্চতাত অতি বেগেৰে ব’লা ধুমুহাই আট্টাৰিৰ পতাকাখনক ৩বাৰ ক্ষতিসাধন কৰিছ্লি।

ৰাজ্য চৰকাৰে পতাকাখন অন্তত নমাই আনিবলৈ এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে স্থানীয় বাসিন্দাসকলে আশ্চৰ্য প্ৰকাশ কৰিছে। আনহাতে যোৱা বছৰ স্থাপন কৰা ৩০৩ ফুট উচ্চতাত থকা ভাৰতৰ ২য় উচ্চতম পতাকাখন এতিয়াও উৰি আছে।

তাৎপৰ্যপূৰ্ণভাৱে মঙলবাৰে নিশা কোনো ধুমুহা নহা সত্তেও পতাকাখন খহি পৰাটো অতি আচৰিত কথা। উল্লেথ্যে যে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মদিন উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালে দেশৰ প্ৰতি উৎসৰ্গ কৰা পতাকাখন উত্তোলনৰ এমাহতেই নষ্ট হোৱা দেখা গৈছিল।