৪ ছেপ্টেম্বৰত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গোচৰত সেউজ ন্যায়াধিকৰণৰ শুনানি

Lower-Subansiri-project-678x381

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিষয়ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৪ ছেপ্টেম্বৰৰ দিনটো পৰৱৰ্তী শুনানিৰ দিন হিচাপে ধাৰ্য কৰিছে। শুকুৰবাৰে বিচাৰক জৱাদ ৰহিম (ন্যায়িক সদস্য) আৰু সত্যৱান সিং গাৰ্বিয়ালে (বিশেষজ্ঞ সদস্য) গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুনৰ শুনানি গ্ৰহণৰ বাবে এই দিনটো ধাৰ্য কৰা হৈছে বুলি জানিব পৰা গৈছে।

আছাম পাব্লিক ৱৰ্কছ নামৰ এটা বেচৰকাৰী সংস্থা আৰু তুলাৰাম গগৈয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ ওচৰত নিৰ্মীয়মাণ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক ২০০০ মেগাৱাটৰ নামনি সুৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত পৰ্যৱেক্ষণ কৰাৰ বাবে গঠিত বিশেষজ্ঞ কমিটীৰ সদস্যসকলৰ বৈধতা সম্পৰ্কে উঠা অভিযোগৰ ওপৰত দুয়ো পক্ষৰ সৈতে পৰামৰ্শ কৰিবলৈ নিৰ্দেশ দিছিল।

আছাম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মাৰ মতে বিচাৰক ড০ জৱাদ ৰহিম (ন্যায়িক সদস্য), বিচাৰক আৰ এছ ৰাথোৰ (ন্যায়িক সদস্য) আৰু ড০ সত্যৱান সিং গাৰ্বিয়ালেৰে (বিশেষজ্ঞ সদস্য) গঠিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ ৩জনীয়া বিচাৰপীঠে সকলো পক্ষৰ সৈতে আলোচনা কৰি আভিযোগসমূহ সমাধান কৰি বিচাৰপীঠক অৱগত কৰিবলৈ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক নিৰ্দেশ দিছিল।

শৰ্মাই কৈছে যে তেওঁলোকে আই ডি গুপ্তা আৰু পি এম স্কটৰ বৈধতা সন্দৰ্ভত প্ৰশ্ন তুলিছিল। তেওঁলোক নদীবান্ধ নিৰ্মাণৰ সপক্ষে চৰকাৰৰ স্বাৰ্থৰ হকে সিদ্ধান্ত দিয়াৰ পক্ষপাতী আছিল।

পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ ৩জনীয়া বিশেষজ্ঞ কমিটীত ড০ প্ৰভাস পাণ্ডে, ড০ আইডি গুপ্তা আৰু ড০ পিএম স্কট আছে। সেউজ ন্যায়াধিকৰণৰ কলকাতা শাখাই এই বিশেষজ্ঞ পেনেলখন গঠন কৰি দিছিল। নদীবান্ধৰ বিৰুদ্ধে অভিযোগ দিয়া আছাম পাব্লিক ৱৰ্কছে এই বিশেষজ্ঞ পেনেলৰ বিৰোধিতা কৰিছে।