• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : কি ব্যৱস্থা লৈছে স্বাস্থ্য বিভাগে?

এখন দুৱাৰ বন্ধ হ’লেহে মুকলি হ’ব অন্য এখন দুৱাৰ; কি প্ৰসংগত এইদৰে ক’লে মন্ত্ৰীগৰাকীয়ে, বিমানযোগে অসমলৈ আহিবলগীয়া সকললৈ বিশেষ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2020 7:37 pm
f32a2dd0-defe-4719-865a-9204cb9705ba
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বিশেষকৈ বহিঃৰাজ্যৰ পৰা লোকসকল গৃহভুমিলৈ উভটি অহাৰ পাছতে শতাধিক লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

তেনেক্ষেত্ৰত ৰাজ্যৰ জনসাধাৰণ চিকিৎসালয়ত বিচনাৰ সংখ্যাক লৈ চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছিল।

Apply Now

সেই চিন্তাৰ ওৰ পেলাই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবী ‘৫০০০ লোক পৰ্য্যন্ত কোভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ সমৰ্থ আছে।’

আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে,  ‘কোভিড ৰোগী বাঢ়ি থাকিলে কি হ’ব? বুলি প্ৰশ্ন কৰি লগতে কয় ‘হস্পিতাল বেডক লৈ চিন্তিত নহয়। ৫০০০ লোকক খুব ভালকৈ চিকিৎসা কৰাৰ বাবে প্ৰস্তুত হৈ আছো। ক’ত আছে কেনেকৈ আছে সকলো তথ্য ৰাজ্য চৰকাৰৰ হাতত আছে। আমি তথ্য বোৰ এইবাবেই দিয়া নাছিলো কিয়নো এজন কোভিড ৰোগী হাস্পতালত প্ৰৱেশ কৰিলেও অন্য ৰোগীৰ চিকিৎসা কৰিবলৈ অসুবিধা হয়।‘

হিমন্তই লগতে কয় ‘এখন দুৱাৰ খোল খালে অন্য এখন দুৱাৰ মুকলি হ’ব। তেনে বহু দুৱাৰ আছে। এখন দুৱাৰ বন্ধ হ’লেহে অন্য এখন খুলিম।‘

তেওঁৰ দাবী ‘আজিৰ দিনত ১০০০ কোভিড ৰোগীক একেলগে চিকিৎসা কৰিব পৰাকৈ চিকিৎসালয়সমূহত বিচনা আছে।‘

ইয়াৰোপৰি, অসম চৰকাৰ ৫০০০ কোভিড ৰোগী চিকিৎসাৰ বাবে এই মুহূৰ্তত বিচনা, চিকিৎসক-নাৰ্চ ইত্যাদিৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰস্তুত হৈ আছে বুলিও তেওঁ দাবী কৰে।

ইপিনে, কাইলৈৰ পৰা বিমানযোগে গৃহভূমিত আহি উপস্থিত হোৱাৰ পাছত লোকসকলে কি কি নীতি নিৰ্দেশনা মানি চলিব লাগিব তাৰ এক আভাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘কাইলৈ ২০ খন ফ্লাইট আহিব নে ৩২ খন আহিব সেইক্ষেত্ৰত এতিয়াও নিশ্চয়তা হোৱা নাই। তথাপি যদি ৩২ খন ফ্লাইট ধৰা হয় তেন্তে ১৮০ গৰাকী যাত্ৰী একেলগে এখন ফ্লাইটত আহিব। এই সংখ্যা ধৰিলে কাইলৈ গুৱাহাটীত প্ৰায় ৪৫০০-৫০০০ লোক বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব। অৱশ্যে গুৱাহাটীৰ পৰা শ্বিলং, অৰুণাচল, ইম্ফললৈকো যাব।‘

‘কিন্তু অসমত অৱতৰণ কৰা লোকৰ সংখ্যা ২ হাজাৰতকৈ কম নহ’ব। সকলোখিনিকে কোৱাৰেন্টাইন কৰা হ’ব, এইটো চুড়ান্ত কথা। ১০০০ হোটেল ৰুম আছে গুৱাহাটীত। সকলো লোক গুৱাহাটীত নামে তেন্তে স্কুল, কলেজ নাইবা ভৱনত ৰাখিব লাগিব। এতিয়ালৈকে কোনো পৰিকল্পনা কৰিব পৰা নাই।কিয়নো লোকসকলৰ তথ্য ৪ ঘন্টাৰ পূৰ্বেহে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

যিসকল গুৱাহাটীলৈ আহিব তেওঁলোকলৈ অনুৰোধ জনাই হিমন্তই কয়, ‘যদি ২ হাজাৰ লোক গুৱাহাটীত নামে তেন্তে তেওঁলোকৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোতে ২৪ ঘন্টাতকৈ কম সময় নালাগিব। একোজন মানুহক ১০ মিনিট সময় লাগে স্বাস্থ্য পৰীক্ষা কৰোঁতে।‘

‘বিনম্ৰতাৰে সৈতে তেওঁলোকক ক্ষমা বিচাৰিছো কাইলৈ ২০০০ যাত্ৰী আহিলে তেওঁলোক থিয়ও হ’ব লাগিব বৰষুণতো তিতিব লাগিব।যিমান দূৰ সম্ভৱ আপোনালোকক হোটেলৰ কোঠা দিবলৈ চেষ্টা কৰিম। যদিহে লোকৰ সংখ্য বেছি হয় তেন্তে স্কুল, কলেজ বা ভৱনত থাকিব লাগিব।‘ হিমন্তই লগতে অনুৰোধ জনাই কয়।

ইপিনে কোন কোন লোক কোৱাৰেন্টাইন হ’ব নালাগে এই সন্দৰ্ভত তেওঁ উল্লেখ কৰি কয় ‘ফ্লাইটৰ পাইলট, ক্ৰ’কে ধৰি ফ্লাইটৰ পৰিচালনা কৰাৰ লগত জৰিতসকল কোৱাৰেন্টাইনত যাব নালাগে।যদি কোনো লোক ৰাতিপুৱা গুৱাহাটীত আহি উপস্থিত হৈ গধুলি সময়ত উভটি যায় সেইসকল কোৱাৰেন্টাইন হ’ব নালাগে।যদি তেওঁলোক গধূলি ঘুৰি নাযায় তেন্তে ৰাজ্য চৰকাৰে ফৌজদাৰী গোচৰ ৰুজু কৰিব।‘

ইয়াৰোপৰি, চৰকাৰী কাৰ্যসূচীত কোনো চৰকাৰী বিষয়া, প্ৰতিনিধি আহিলে তেওঁলোক কোৱাৰেন্টাইন হ’ব নালাগে বুলি উল্লেখ কৰি লগতে তেওঁ কয় ‘কিন্তু তেওঁলোকক আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা চৰকাৰী নিজা নিজা বিভাগসমূহে কৰিব লাগিব।‘

ইপিনে, আনুষ্ঠানিক কোৱাৰেন্টাইন কোন কোন থাকিব নালাগে উল্লেখ কৰি তেওঁ কয় ‘যদি দেউতাক মাক হস্পিতালত থাকে বা দেউতাৰ মাকৰ মৃত্যু হৈছে তথা তেওঁলোকৰ অন্তিম সংস্কাৰত অংশগ্ৰহণ কৰিবলৈ আহিছে তেন্তে সেইসকল হোম কোৱাৰেন্টাইনত থাকিব লাগিব।‘

‘৭৫ বছৰীয়া বা তাতকৈ ওপৰৰ বয়োজ্যেষ্ঠ লোকসকল, গৰ্ভৱতী, দিব্যাংগসকল ষ্টাম্পিঙৰ পাছত হোম কোৱাৰেন্টাইন হৈ থাকিব।‘ হিমন্তই এইদৰে কয়।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd