DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত এতিয়াও কৰ’নামুক্ত এই অঞ্চলটোৰ কথা জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 1:19 pm
population-of-Lakshadweep-2019

লাক্ষাদ্বীপ।

4.3k
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বকে অস্থিৰ কৰি ৰখা নভেল কৰ’না ভাইৰাছ এতিয়া এক আতংকৰ নাম। চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণে এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণৰ জীৱন যাত্ৰা স্থৱিৰ কৰি তুলিছে।

এনে সময়তে ভাৰতৰ এটা দ্বীপপুঞ্জই কোভিড মুক্ত হৈ ৰৈছে আৰু এই ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে ই এক দৃষ্টান্ত দাঙি ধৰিছে।

মুঠ ৩৬টা দ্বীপক লৈ গঠিত আৰৱ সাগৰৰ এই দ্বীপপুঞ্জ লাক্ষাদ্বীপত এতিয়ালৈকে এটাও কোভিড-১৯ পজিটিভ ধৰা পৰা নাই।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ কোভিড বুলেটিনৰ তালিকাত এতিয়ালৈকে এই অঞ্চলটোৰ নাম অহা নাই কিয়নো ইয়াত কোনো লোক কৰ’নাত আক্ৰান্ত হোৱা নাই।

ইপিনে, লাক্ষাদ্বীপৰ প্ৰশাসনে আনকি তাত স্কুল খোলাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি বিচাৰিছে।

লাক্ষাদ্বীপৰ মুঠ ৭০হাজাৰ জনসংখ্যাৰ ৯৭শতাংশই হৈছে মুছলমান। ইয়াৰ একমাত্ৰ সাংসদ মহম্মদ ফইজলে জানিবলৈ দিয়ে যে বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফলতেই দ্বীপপুঞ্জটোৱে এনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁ জানিবলৈ দিয়ে যে জানুৱাৰিৰ অন্তিমভাগত যেতিয়া কেৰালাত প্ৰথম কোভিড আক্ৰান্ত ধৰা পৰে তেতিয়াই ইয়াত সতৰ্কতা অৱলম্বন কৰি বিদেশী পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হয়।

সেয়াই নহয়, এন্ট্ৰি পাৰ্মিট লৈ যিসকল লোকে বাহিৰৰ পৰা ইয়াত কাম কৰিবলৈ আহে তেওঁলোকৰ বাবেও লাক্ষাদ্বীপত প্ৰৱেশ বন্ধ কৰি দিয়া হয়।

আনহাতে, ইয়াত আৰক্ষীয়ে কঠোৰভাৱে কাৰ্ফিউ বলবৎ কৰে আৰু কোনো লোক অযথা ঘৰৰ বাহিৰলৈ ওলোৱা নাই।

যিসকলে জৰুৰী চিকিৎসা সেৱা বা আন বিশেষ প্ৰয়োজনত দ্বীপপুঞ্জৰ বাহিৰলৈ যাবলগীয়া হৈছে তেওঁলোকৰ বাবে কোচিত দুটা কোৱাৰেন্টাইন চেন্টাৰ আৰম্ভ কৰা হৈছে। তাত সাত দিন থকাৰ পাছত পৰীক্ষাত নিগেটিভ আহিলেহে তেওঁলোকক ঘুৰি অহাৰ অনুমতি দিয়া হৈছে।

Tags: COVID_19

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd