• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য তৃতীয়বাৰৰ বাবে হ’ল গঁড় শূন্য : হেৰাল এশিঙীয়া গঁড়

মিণ্টু দাস by মিণ্টু দাস
November 3, 2018 6:54 am
a72cb6a6-78e9-4bbd-b8a3-c788434914ac
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও বন্যপ্ৰাণী  বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই সংস্থাপনৰ পিছতো পুনৰ গঁড় শূন্য হৈ পৰিল ঐতিহাসিক  লাওখোৱা- বুঢ়াচাপৰি  অভ্যাৰণ্য। ফলত তৃতীয়বাৰৰ বাবে গঁ‌ড়শূন্য হৈ পৰিল অভয়াৰণ্য দুখন।

চলিত বৰ্ষৰ ছয় ফেব্ৰুৱাৰীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰাপ্ত:বয়স্ক গঁ‌ড়ৰ খেদা খাই ঠেলামৰাৰ পৰা শিঙৰী হৈ নগাঁৱৰ বৰালিমাৰীত এটা কম বয়সীয়া গঁড়ে জনাঞ্চলত বিচৰণ কৰি ফুৰিছিল। তাৰ পিছত বন্যপ্ৰাণী বিভাগ আৰু প্ৰকৃতি প্ৰেমী সংগঠনৰ তৎপৰতাত গড়টোৱে প্ৰৱেশ কৰিছিল লাওখোৱা-বুঢ়াচাপৰিত। কিন্তু শেহতীয়াকৈ এই একমাত্ৰ গঁড়টোক সুৰক্ষা দিব নোৱাৰিলে বন বিভাগে।

Apply Now

এই ঘটনাই অভয়াৰণ্য দুখনৰ বিলত অবৈধভাৱে মাছ ধৰাৰ পৰা আৰম্ভ কৰি বেদখল আদি উচ্ছেদ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা ডি এফ অ’ জিতেন্দ্ৰ কুমাৰৰ চূড়ান্ত অকৰ্মণ্যতা আৰু উদাসীনতা পোহৰলৈ আনিলে। বিগত আঠমাহ ধৰি অভয়াৰণ্য দুখনত অতিথি হৈ বিচৰণ কৰি ফুৰা গঁড়টোক চোৰাং চিকাৰীয়ে হত্যা কৰিলে নেকি বুলিও প্ৰশ্ন তুলিছে বিভিন্ন মহলে।

আনহাতে সংগীৰ অভাৱত অকলশৰীয়া হৈ বিচৰণ কৰা গঁড়টো পুনৰ ওৰাঙলৈ উভতি যোৱাৰ সম্ভাৱনীয়তাও নুই কৰিব নোৱাৰি। কিন্তু গঁ‌ড়টো  নিৰাপদে ওৰাঙত প্ৰৱেশ কৰিছে নে চোৰাং চিকাৰীয়ে নিধন কৰিছে ইয়াৰে কোনো এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই বিভাগটোৱে।

গঁ‌ড়টোক ওৰাঙলৈ খেদি পঠিয়াবলৈ বিভাগে পৰিকল্পনা গ্ৰহণ কৰিছিল যদিও লাওখোৱা-বুঢ়াচাপৰিৰ প্ৰাকৃতিক পৰিবেশৰ সৈতে অভ্যস্ত হৈ পৰাত সেই  চিন্তা পৰিহাৰ কৰিছিল। বন্যপ্ৰাণী বিভাগে অহা জানুৱাৰী মাহত পুনৰ অভয়াৰণ্য দুখনত আৰু দুটা গঁ‌ড় সংস্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছিল যদিও হঠাৎ যোৱা ২৪ চেপ্টেম্বৰৰ পৰা এক মাত্ৰ গঁ‌ড়টো সন্ধানহীন হৈ পৰাটো ৰহস্যজনক। সেই দিনাখন শিঙমাৰী বীট অফিচৰ আশে পাশে গঁ‌ড়টোক অন্তিমবাৰৰ বাবে প্ৰতক্ষ্য কৰিছিল।

এশিঙীয়া গঁড়ৰ বিশ্বৰ ভিতৰত আটাইতকৈ উপযুক্ত প্ৰাকৃতিক বিচৰণ ভূমি হিচাপে চিহ্নিত লাওখোৱা-বুঢ়াচাপৰিৰ পৰা হঠাৎ একমাত্ৰ গঁ‌ড়টো নিৰুদ্দেশ হোৱাক লৈ প্ৰকৃতি প্ৰেমীসকল খড়্গহস্ত হৈ পৰিছে। ইতিপূৰ্বে ২০১৬ ৰ ৩০ মাৰ্চত বুঢ়াচাপৰি অভয়াৰণ্যৰ কাছধৰা বিলৰ পাৰত ‘ইন্ডিয়ান ৰাইনো ভিজন ২০২০’ৰ অধীনত  প্ৰায় ৮০ লক্ষ টকা ব্যয় সাপেক্ষ বেৰিকেড নিৰ্মাণ কৰি কাজিৰঙাৰ পৰা দুজনী মাইকী গঁড় আনি সংস্থাপন কৰিছিল। কিন্তু উপযুক্ত প্ৰাকৃতিক পৰিবেশ নোহোৱা সত্বেও গাৰ বলেৰে গঁ‌ড় সংস্থাপন কৰাৰ বাবেই অগাপিছাকৈ মাক-জীয়েক দুয়োজনী গঁ‌ড়ে মৃত্যুক আকোঁৱালি ল’বলগীয়া  হৈছিল।

বন বিভাগৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাবটি ল’বলগা হোৱাৰ ঘটনাৰ পিছত বৰ্তমান সন্ধানহীন হৈ থকা গঁড়টো নিজেই অভয়াৰণ্যখনত প্ৰৱেশ কৰি লাওখোৱা-বুঢ়া চাপৰি দুখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে অভয়াৰণ্য দুখনৰ বিল- জলাশয়ত গঁ‌ড়ৰ বাবে উৎকৃষ্ট খাদ্য হিচাপে স্বীকৃত ‘লোকাচা’ নামৰ শেলুৱৈ জাতীয় উদ্ভিদ প্ৰচুৰ পৰিমাণে খাই গঁ‌ড়টো স্বাস্থ্যবান হৈ পৰিছিল যদিও বন বিভাগৰ চৰম অৱহেলাৰ  বাবেই হঠাৎ সন্ধানহীন হোৱা  বুলি ৰাইজে অভিযোগ কৰিছে।

উল্লেখ্য যে, গঁড়টোৰ সুৰক্ষা দিয়াত চূড়ান্ত ব্যৰ্থ হোৱা নগাঁৱৰ এইগৰাকী ডি এফ অ’ জিতেন্দ্ৰ কুমাৰৰ দিনতেই বুঢ়াচাপৰিৰ দুটাকৈ গঁড়ৰ মৃত্যু হৈছিল। এতিয়া প্ৰশ্ন হয় পূৰ্বে দুটাকৈ গঁড়ৰ মৃত্যুৰ পিছত অভয়াৰণ্য খনৰ একমাত্ৰ গঁড়টোৰ সুৰক্ষা দিয়াতো চূড়ান্ত ব্যৰ্থ হোৱা বন্যপ্ৰাণী বিষয়া জিতেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় মন্ত্ৰীৰ  সাহস হ’ব নে বুলিও সচেতন তথা প্ৰকৃতিপ্ৰেমীয়ে মত পোষণ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd