টকিঅ’ অলিম্পিকত এথলেট সকলৰ বাবে ১,৫০,০০০ বিনামূলীয়া কনড’মৰ ব্যৱস্থা

টকিঅ’ অলিম্পিকৰ উদ্যোক্তা সকলে আগন্তুক টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া এথলেট সকলৰ বাবে ১,৫০,০০০ বিনামূলীয়া কনড’ম যোগান ধৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে।

কোভিডৰ সংক্ৰমণৰ বাবে নতুন নিয়ম অনুসৰি অন্যান্য লোকক অতি সীমিত পৰিমাণে সাক্ষাৎ কৰাৰ নিৰ্দেশনাৰ মাজতে টকিঅ’ অলিম্পিকৰ উদ্যোক্তা সকলে বিনামূলীয়া কনড’মৰ ব্যৱস্থা কৰা খবৰে চৰ্চা লাভ কৰিছে।

ইপিনে, টকিঅ’ অলিম্পিকৰ সময়ত এথলেট সকলক জিম, পৰ্যটনস্থান, দোকান, ৰেষ্টুৰেণ্ট আদি ভ্ৰমণ কৰাৰ অনুমতি দিয়া নহ’ব।

২৩ জুলাইৰ পৰা জাপানৰ ৰাজধানী টকিঅ’ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা।

উল্লেখযোগ্য যে, ২০২০ চনতে টকিঅ’ অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশ্বজুৰি আৰম্ভ হোৱা কোভিড মহামাৰীৰ বাবে প্ৰতিযোগিতাখন ২০২১ চনলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে, ভাৰতৰ ক্ৰীড়া মন্ত্ৰ্যালয়ৰ তৰফৰ পৰাও টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈ সকলৰ লগতে সকলো বিষয়ববীয়াক নিৰ্দিষ্ট সময়ত কোভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে।