NORTHEAST NOW (Assamese)

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল আমেৰিকাৰ কেমেৰা! সেনাৰ তদন্তত পোহৰলৈ আহিছে বহু নতুন তথ্য

May 25, 2026 4:47 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 25, 2026 4:49 pm

পেহেলগামৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ হাতত আছিল অত্যাধুনিক প্ৰযুক্তিৰ কেমেৰা। আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এই কেমেৰা আহিছিল আমেৰিকাৰ পৰা। পেহেলগাম হত্যাকাণ্ডৰ তদন্তত নামি তদন্তকাৰী বিষয়াসকলে এই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে।

দেওবাৰে এই ঘটনাৰ বিষয়ে অৱগত এজন বিষয়াই জনায় যে, আমেৰিকাৰ পৰা এই কেমেৰা প্ৰথমে চীনলৈ গৈছিল। তাৰ পৰা কেমেৰাটো পাকিস্তানৰ সেনাৰ হাতলৈ যোৱাৰ সন্দেহ কৰা হৈছে। ইয়াৰ পিছতে সেয়া হাত সলনি হৈ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হাতত পৰে।

যোৱা জুলাই মাহত কাশ্মীৰৰ দাচিগামৰ হাবিত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত পেহেলগাম হত্যাকাণ্ডত জড়িত থকা তিনিজন সন্ত্ৰাসবাদী নিহত হৈছিল। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে এই অত্যাধুনিক কেমেৰাটো উদ্ধাৰ কৰা হৈছিল। সাধাৰণতে সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ আক্ৰমণৰ ছবি আৰু ভিডিঅ’ ৰেকৰ্ডিং দেখুৱাই আন যুৱকসকলক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এনে কেমেৰা ব্যৱহাৰ কৰে।

এই কেমেৰাটো উদ্ধাৰ হোৱাৰ পিছতে তদন্তকাৰী সংস্থা এন আই এ-ৰ বিষয়াসকলে কেমেৰাটো নিৰ্মাণ কৰা আমেৰিকাৰ গো প্ৰো কোম্পানীটোৰ লগত যোগাযোগ কৰে। আমেৰিকাৰ কোম্পানীটোৱে জনায় যে তেওঁলোকে চীনৰ এটা কোম্পানীৰ ওচৰত এই কেমেৰাটো বিক্ৰী কৰিছিল। চীনৰ পৰা কেনেকৈ এই কেমেৰা সন্ত্ৰাসবাদীৰ হাতলৈ গ’ল, তাক লৈ বৰ্তমান তদন্ত চলি আছে। তদন্তকাৰীসকলে অনুমান কৰিছে যে চীনৰ পৰা কেমেৰাটো প্ৰথমে পাক সেনাৰ ওচৰলৈ গৈছিল আৰু তাৰ পিছত লস্কৰৰ নেতাসকলে ইয়াক সন্ত্ৰাসবাদীৰ হাতত তুলি দিছিল।

যোৱা বছৰৰ ২২ এপ্ৰিলত পেহেলগামৰ বৈচৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ চলাইছিল। এন আই এ-ৰ চাৰ্জশ্বীটত কোৱা হৈছে যে আক্ৰমণৰ আগতে ১৫ আৰু ১৬ এপ্ৰিলত ফয়জল জাট ওৰফে সুলেমান, হাবিব তাহিৰ ওৰফে ছোটু আৰু হামজা আফগানি নামৰ তিনিজন সন্ত্ৰাসবাদীয়ে সেই অঞ্চলটো পৰীক্ষা কৰিছিল। পাকিস্তানত বহি থকা ছৈফুল্লাই তেওঁলোকক এই কামৰ বাবে পঠিয়াইছিল। যোৱা সপ্তাহত এন আই এ-য়ে এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছে। ২০২৫ চনৰ এপ্ৰিল মাহৰ এই হত্যাকাণ্ডৰ তদন্তত পাকিস্তানী সন্ত্ৰাসবাদী ছৈফুল্লা ওৰফে ছাজিদ জাট ওৰফে লেঙেৰাৰ নাম পোহৰলৈ আহিছিল। সি লস্কৰ-ই-তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ অন্যতম নেতা বুলি সন্দেহ কৰা হৈছে। এন আই এ-ৰ চাৰ্জশ্বীটত এই ছৈফুল্লাকেই আক্ৰমণৰ মূল অভিযুক্ত বুলি উল্লেখ কৰা হৈছে।

Related News