• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

বাজেট মাত্ৰ ৭.৫ লাখ ডলাৰ, উপাৰ্জন ৮০ মিলিয়ন : বছৰটোৰ আটাইতকৈ হিট ছবিখন আপুনি চালেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 5:13 pm
218
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বছৰ বক্স অফিচত বহু ডাঙৰ বাজেটৰ বোলছবি ব্যৱসায়িকভাৱে সফল হৈছে। কিন্তু খৰচৰ তুলনাত লাভৰ হিচাপত সকলোকে আচৰিত কৰি তুলিছে মাত্ৰ ৭.৫ লাখ ডলাৰ বাজেটৰ এখন ছবিয়ে, যাৰ নাম অবচেশ্যন।

মাইকেল বা প্ৰজেক্ট হেইল মেৰীৰ দৰে বৃহৎ বাজেটৰ ব্লকবাষ্টাৰ ছবিসমূহক পিছ পেলাই এই বছৰৰ আটাইতকৈ লাভজনক ছবিৰ অভিলেখ এতিয়া এই ছবিখনৰ হাতত আছে। ইতিমধ্যে এই বোলছবিখনে নিজৰ বাজেটতকৈ ১০০ গুণতকৈও অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

Apply Now

লেখক আৰু পৰিচালক কাৰি বাৰ্কাৰৰ স্বাধীন অৰ্থাৎ ইণ্ডিপেণ্ডেন্ট ধাৰাৰ হৰৰ ছবি অবসেশ্যন সম্ভৱতঃ এই বছৰৰ চিনেমাগৃহৰ আটাইতকৈ ডাঙৰ সফলতাৰ কাহিনী। চলিত মাহত মুক্তি পোৱা এই ছবিখনে যেন প্ৰতিদিনে বক্স অফিচত নিজৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছে। মাত্ৰ ৭.৫ লাখ ডলাৰৰ বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে সমগ্ৰ বিশ্বতে ইতিমধ্যে ৮০ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে। ইয়াৰ অৰ্থ হৈছে ছবিখনৰ লাভৰ হাৰ ১০ হাজাৰ শতাংশতকৈও অধিক। এই বছৰ লাভৰ হাৰৰ ক্ষেত্ৰত আন কোনো ছবিয়ে ইমান ডাঙৰ সফলতা লাভ কৰিব পৰা নাই।

মুক্তিৰ প্ৰথম সপ্তাহতে ছবিখনে উত্তৰ আমেৰিকাত ১৬ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল, যাৰ পৰিমাণ দ্বিতীয় সপ্তাহত বৃদ্ধি পাই ২২ মিলিয়ন ডলাৰ হয়। অতি সীমিত সংখ্যক চিনেমাগৃহত মুক্তি লাভ কৰাৰ পাছতো ছবিখনে দেশৰ বাহিৰতো সুন্দৰ ব্যৱসায় কৰিছে। উত্তৰ আমেৰিকাৰ বাহিৰত ই ইতিমধ্যে ২১ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।

অবচেশ্যনে এতিয়া ১০০ মিলিয়ন ডলাৰ উপাৰ্জনৰ লক্ষ্যৰ পিনে আগবাঢ়িছে। যদি এই সফলতা লাভ কৰে, তেন্তে পেৰানৰ্মেল এক্টিভিটি আৰু দ্য ব্লেয়াৰ উইচ প্ৰজেক্টৰ পিছত ১ মিলিয়ন ডলাৰতকৈ কম বাজেটত নিৰ্মিত এইখন হ’ব তৃতীয়খন ছবি, যিয়ে ১০০ মিলিয়ন ডলাৰ উপাৰ্জনৰ অভিলেখ গঢ়িব। ইয়াৰ বিপৰীতে মাইকেল ছবিয়ে এতিয়ালৈকে ৭৮৮ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে, যিটো ইয়াৰ বাজেটৰ মাত্ৰ ৫ গুণ। আনহাতে প্ৰজেক্ট হেইল মেৰী ছবিয়ে ৬৭৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে, যিটো ইয়াৰ বাজেটৰ প্ৰায় ৩ গুণ।

কাৰি বাৰ্কাৰে লিখা, পৰিচালনা কৰা আৰু সম্পাদনা কৰা এই ছবিখনত মাইকেল জনষ্টনে এটা মিউজিক ষ্ট’ৰৰ কৰ্মচাৰী বেয়াৰৰ চৰিত্ৰত অভিনয় কৰিছে। সি এটা অলৌকিক পুতলা কিনে, যিটোৱে তাক নিজৰ সৰুকালৰ বান্ধৱী নিকিক (ইন্দে নাভাৰেট) নিজৰ প্ৰেমত পেলাবলৈ সহায় কৰিব বুলি দাবী কৰা হয়। আৰু ইয়াৰ পিছৰ পৰাই আৰম্ভ হয় এক ভয়নক পৰিস্থিতি। যোৱা ১৫ মে’ত চিনেমাগৃহত মুক্তি পোৱাৰ পূৰ্বে টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অবচেশ্যনৰ প্ৰিমিয়াৰ হৈছিল। ছবিখনে সমালোচকসকলৰ পৰাও যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd