যোগ প্ৰশিক্ষক সতীনাথ বাৰালৰ গ্ৰেপ্তাৰৰ দাবীত বৰপেটা সত্ৰীয়া সমাজৰ প্ৰতিবাদ

যোগগুৰু ৰামদেৱৰ ‘পতঞ্জলী’ৰ উত্তৰ পূবৰ যোগ প্ৰশিক্ষক সতীনাথ বাৰালে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ প্ৰতিবাদত ৰাজ্যজুৰি উত্তাল হৈ থকাৰ সময়তে এইবাৰ জাঙুৰ খাই উঠিল বৰপেটাৰ সত্ৰীয়া সমাজ ৷

বৰপেটা সত্ৰৰ সমূহ ভকত আৰু আই মাতৃয়ে আজি বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই সতীনাথ বাৰালক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷

প্ৰতিবাদী সমদলটোত সমূহ ভকত আৰু আই মাতৃয়ে হাতে হাতে বেনাৰ প্লে-কাৰ্ড লৈ ‘অসমৰ মাটিত পতঞ্জলী নচলিব, পতঞ্জলীৰ সামগ্ৰী বৰ্জন কৰক, সতীনাথ বাৰালক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰক, সতীনাথ বাৰালে অসমৰ যিকোনো সত্ৰত তেলৰ চাকি জ্বলাই ক্ষমা খুজিবই লাগিব’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দি উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাস, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়েও অংশ গ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা সতীনাথ বাৰালক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে বৰপেটা সত্ৰই ৷ লগতে বৰপেটা সদৰ থানাত সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবীত এখন এজাহাৰ দাখিল কৰে।