NORTHEAST NOW (Assamese)

মণিপুৰৰ জনতাৰ বিজেপিক সুদুত্তৰ; দুয়োখন লোকসভাৰ আসনত জয় নিশ্চিত কংগ্ৰেছৰ

June 4, 2024 6:05 pm · এন ই নাও নিউজ, গুৱাহাটী

অগ্নিগৰ্ভা মণিপুৰৰ খবৰ ল’বলৈ আহৰি নোহোৱা প্ৰধানমন্ত্ৰীক ভোটেৰে উত্তৰ দিলে মণিপুৰী জনতাই৷মণিপুৰৰ দুটা লোকসভা ক্ৰমে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰত জয় নিশ্চিত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে৷

ইনাৰ মণিপুৰত কংগ্ৰেছৰ অংগমচা বিমল আকিজাম বিজেপিৰ থানাওজাম বসন্ত কুমাৰ সিঙৰ বিৰুদ্ধে ১০৭০৮২টা ভোটত আগবাঢ়ি আছে৷ইফালে আউটাৰ মণিপুৰত কংগ্ৰেছৰ আলফ্ৰেড কাংগাম এছ আৰ্থুৰতকৈ বিজেপিৰ কাছুই তিমুথি জিমিক ৮৩১৮১ভোটত পিছপৰি আছে৷গণনা কৰা মুঠ ভোটৰ ৪৭.৬২% কংগ্ৰেছে লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে মাত্ৰ ১৬.৬২% ভোট৷

Related News