ধনুভাঙা শংকৰদেৱ শিশু নিকেতনৰ স্থায়ী ভৱন উদ্বোধন

IMG-20190125-WA0005

পুৰোহিতৰ মংগল ধ্বনি, নাম প্ৰসংগৰে ধনুভাঙা শংকৰদেৱ শিশু নিকেতনৰ নতুন ভৱনৰ শুভ উদ্বোধন কৰা হয়৷  ধনুভাঙাত স্থায়ী ভূমিলৈ বিদ্যালয়খন স্থানান্তৰিত কৰি শংকৰদেৱ শিশু নিকেতনৰ ভৱনটোৰ শুভ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই৷

উল্লেখ্য যে ধনুভাঙাত ২০১৫ চনতে স্থাপিত বিদ্যালয়খনৰ নিজা ভূমি নথকা হেতুকে বিদ্যালয়খন ধনুভাঙা আঞ্চলিক উন্নয়ন সমিতিৰ ভূমিত অস্থায়ী ভাৱে চলি আছিল৷  এইবাৰ ২০১৯-২০ শিক্ষা বৰ্ষৰ পৰা স্থায়ী ভাৱে নিকেতনৰ নিজা ভূমিলৈ স্থানান্তৰিত কৰা হয় বিদ্যালয় খন৷

সেয়ে বৃহস্পতিবাৰে দিন জোৰা কাৰ্যসূচীৰে  ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ দ্বাৰা স্থায়ী বিদ্যালয়খনৰ উদ্বোধন কৰা হয়৷

নিজৰ উদ্বোধনী ভাষণত টংকেশ্বৰ ৰাভাই শংকৰদেৱ শিশু নিকেতনখনৰ  উন্নত মান আৰু গুণগত শিক্ষা প্ৰদান কৰাৰ পোষকতা কৰে। অনুষ্ঠানত কেইবাগৰাকীও শিক্ষাবিদৰ লগতে  জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু ভালেমান বিশিষ্ট ব্যক্তিয়ে  অংশগ্ৰহণ কৰে৷