NORTHEAST NOW (Assamese)

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

February 2, 2023 2:38 pm · এন ই নাও নিউজ, গুৱাহাটী

আপুনি হয়তো দূৰদৰ্শন বা অন্যান্য মাধ্যমত দুৰ্ঘটনাৰ বিভিন্ন দৃশ্য দেখা পাইছে। তাৰে কিছুমান দৃশ্য দেখি হয়তো আপুনি হাঁহিছে আৰু আন কিছুমান দুৰ্ঘটনাৰ কৰুণ দৃশ্য দেখি হয়তো আপোনাৰ অন্তৰাত্মা কঁপি উঠিছে।

এইবাৰ ভাইৰেল হৈ পৰিছে আপোনাৰ অন্তৰাত্মা কঁপাই তুলিব পৰা এটা ভিডিঅ’। কাহানিও নোহোৱা এটা দুৰ্ঘটনাৰ ভিডিঅ’ বিয়পি পৰিছে সামাজিক মাধ্যমত।

মৃত্যু কেতিয়া কেনেকৈ আহে কোনেও ক’ব নোৱাৰে। কোনেও কল্পনা কৰিব নোৱাৰে যে চেলুনৰ ভিতৰত দাড়ি চুলি কাটি থকাৰ অৱস্থাত মৃত্যুদূত হৈ চেলুনলৈ সোমাই আহিব তীব্ৰবেগী কাৰ আৰু মহতিয়াই থৈ যাব সকলো।

এইবাৰ সংঘটিত হ’ল এনে এটা ঘটনাই। ভাইৰেল হৈ পৰিল চিচি টিভি কেমেৰাত বন্দী হোৱা দুৰ্ঘটনাটোৰ সমগ্ৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে এখন চেলুনত দুগৰাকী নাপিতে দুগৰাকী গ্ৰাহকৰ দাড়ি চুলি কাটি আছে। আনফালে অপেক্ষাত বহি আছে আন এজন গ্ৰাহক।

তেনেতেই তীব্ৰবেগত চেলুন খনৰ বেৰ ভাঙি ভিতৰলৈ সোমাই আহিছে এখন কাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বাটৰ পৰা চেলুনৰ ভিতৰলৈ সোমাই আহিছে তীব্ৰবেগী গাড়ীখন। চেকেণ্ডতে গাড়ীখনে মহতিয়াই নিছে চেলুনখনত থকা আটাইকেইগৰাকী ব্যক্তিক।

চাই লওক ভাইৰেল হৈ পৰা সেই বিশেষ ভিডিঅ’টো

ক’ব নোৱাৰি কাৰ মৃত্যু কেতিয়া আহে। বিপদে কাকো সুধি নাহে। কোনেও খণ্ডাব নোৱাৰে কপালৰ লিখন। এই দৃশ্য দেখাৰ পিছত হয়তো এইখিনই কথাই আপোনাৰ মনলৈ আহিছে।

Related News