• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীতিশ কুমাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল ইলতিজা মুফটিৰ, কৰ্তব্যত যোগদান নকৰিলে আয়ুষ চিকিৎসকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 3:28 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে এগৰাকী মুছলমান মহিলা চিকিৎসকৰ বোৰ্খা আঁতৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি যোৱা শুকুৰবাৰে পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ নেত্ৰী ইলতিজা মুফটিয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। শ্ৰীনগৰৰ কোঠীবাগ থানাত দাখিল কৰা এই অভিযোগত ইলতিজাই নীতিশ কুমাৰৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰাৰ দাবী জনাইছে। ভাইৰেল হোৱা এটা ভিডিঅ’ৰ উদ্ধৃতি দি তেওঁ অভিযোগ কৰে যে বিহাৰৰ সচিবালয়ত নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ অহা এজনী যুৱ আয়ুষ চিকিৎসকৰ বোৰ্খা নীতিশ কুমাৰে ৰাজহুৱাকৈ নমাই দিছিল, যিটো সমগ্ৰ দেশৰ মহিলাৰ মৰ্যাদাৰ ওপৰত এক প্ৰচণ্ড আঘাত।

ইলতিজাই তেওঁৰ এজাহাৰত উল্লেখ কৰিছে যে এই কাণ্ডই বিশেষকৈ মুছলমান মহিলাসকলৰ মনত গভীৰ যন্ত্ৰণা আৰু শংকাৰ সৃষ্টি কৰিছে। তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যক এগৰাকী মহিলাৰ স্বায়ত্ত্বশাসন আৰু পৰিচয়ৰ ওপৰত নৃশংস আক্ৰমণ বুলি অভিহিত কৰিছে। অভিযোগত লগতে কোৱা হৈছে যে চৰকাৰী অনুষ্ঠানত এগৰাকী যুৱ চিকিৎসক নুছৰত পাৰবীনৰ বোৰ্খা বলপূৰ্বকভাৱে আঁতৰাই নীতিশ কুমাৰে ভাৰতীয় নাৰীৰ স্বাধীনতা আৰু মৰ্যাদাক লঘূ কৰিবলৈ চেষ্টা কৰিছে। এনে কাৰ্যই সমাজৰ কিছুমান দুষ্কৃতিকাৰীক মুছলমান মহিলাক অপমান কৰিবলৈ সাহস প্ৰদান কৰিব বুলিও তেওঁ শংকা প্ৰকাশ কৰে।

Apply Now

এই বিতৰ্কৰ মাজতে ইলতিজাই বিজেপিৰ একাংশ মন্ত্ৰী আৰু নেতাৰ স্থিতিকো সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে এই লজ্জাজনক কাৰ্যক ক্ষমা খুজি সংশোধন কৰাৰ পৰিৱৰ্তে একাংশই ইয়াক উদযাপনহে কৰিছে। ইলতিজাৰ পূৰ্বে সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ ছুমাইয়া ৰাণাইও লক্ষ্ণৌ আৰক্ষীক এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল। ছুমাইয়াই উত্তৰ প্ৰদেশৰ মন্ত্ৰী সঞ্জয় নিছাদৰ এই বিষয়ক আপত্তিজনক মন্তব্যৰ বিৰুদ্ধেও সোচ্চাৰ হৈছিল। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এই বিষয়ত দিয়া বিতৰ্কিত মন্তব্যৰ কথা উল্লেখ কৰি ইলতিজাই তীব্র ক্ষোভ প্ৰকাশ কৰে।

জম্মু-কাশ্মীৰৰ ধৰ্মীয় নেতা মিৰৱাইজ উমৰ ফাৰুকেও শ্ৰীনগৰৰ জামিয়া মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত এই কাণ্ডক গৰিহণা দি ইয়াক ব্যক্তিগত মৰ্যাদা আৰু নৈতিক সীমাৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰে। ইফালে, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই সংক্ৰান্তত মৌনতা অৱলম্বন কৰাক লৈও পিডিপি নেত্ৰীগৰাকীয়ে সমালোচনা কৰিছে। ৰাজনৈতিক ভাৱে ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হোৱাৰ মাজতে এই সমগ্ৰ বিতৰ্কই এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে।

আনহাতে, যিগৰাকী আয়ুষ চিকিৎসক নুছৰত পাৰবীনক লৈ এই বিতৰ্কৰ সূত্ৰপাত হৈছিল, তেওঁ এতিয়াও নিজৰ কৰ্তব্যত যোগদান কৰা নাই বুলি জানিব পৰা গৈছে। চৰকাৰী সূত্ৰ অনুসৰি, শনিবাৰ আছিল তেওঁৰ চাকৰিত যোগদান কৰাৰ নিৰ্ধাৰিত শেষ তাৰিখ। স্বাস্থ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে যে যদি বিভাগে তেওঁৰ যোগদানৰ সময়সীমা বৃদ্ধি নকৰে, তেন্তে পৰৱৰ্তী নিৰ্দেশনা অনুসৰিয়েই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাই এতিয়া সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মহলতো এক বৃহৎ বিতৰ্কৰ ৰূপ ধাৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd