এক দশকৰ পিছত লক্ষ্মী ওৰাঙক আকৌ এবাৰ নগ্ন কৰিলে বিজেপিৰ সমৰ্থকে

Laxmi-570x320

২০০৭ চনত গুৱাহাটী মহানগৰীৰ ৰাজপথত সভ্য নাগৰিকেৰে গঠিত এটা উন্মত্ত দলৰ হাতত বিবস্ত্ৰা হোৱা লক্ষ্মী ওৰাঙৰ নগ্ন ফটোক এইবাৰ ৰাজনৈতিক মুনাফাত ব্যৱহাৰ কৰিলে এজন বিজেপিৰ সমৰ্থকে।

হিন্দু অখিলেশ গুপ্তা (Hindu Akhilesh Gupta) নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই দুষ্কাৰ্য্যটো কৰা হৈছে। মন কৰিব লগীয়া কথা যে হিন্দু অখিলেশ গুপ্তাই নিজৰ প্ৰফাইল ফটো হিচাপে বাজপেয়ীৰ ফটোখন লগাই ৰাখিছে।

গুৱাহাটী মহানগৰীত ঘটা সেই লজ্জাজনক ঘটনাটোক পশ্চিম বংগৰ এটা ঘটনা বুলি কোৱা হৈছে। লগতে লক্ষ্মী ওৰাঙৰ সেই দুৰ্ভাগ্যৰ দিনটোৰ ফটোখন লগাই অখিলেশে কংগ্ৰেছ কাৰ্য্যকৰ্তাই এগৰাকী মহিলাক পিটা দৃশ্য বুলি নিকৃষ্ট প্ৰচাৰ কৰিছে।

ফটোখনৰ সৈতে নিজৰ পোষ্টত হিন্দীতে অখিলেশে লিখিছে, “বংগত কংগ্ৰেছ কাৰ্য্যকৰ্তাই হিন্দু মহিলাক দৌৰাই দৌৰাই পিটিছে। মহিলাগৰাকীৰ অপৰাধ হ’ল তেওঁ কংগ্ৰেছৰ সভাত বিজেপি আৰু মোদী জিন্দাবাদ বুলি শ্ল’গান দিছিল। শ্বেয়াৰ কৰি কংগ্ৰেছৰ চৰিত্ৰ জগতৰ সন্মুখনত উদঙাই দিয়ক।”

উল্লেখযোগ্য যে ফটোখনৰ সৈতে পোষ্টটো বহু সংখ্যক বিজেপিৰ অন্ধ সমৰ্থকে শ্বেয়াৰ কৰিছে।

কংগ্ৰেছৰ বিৰুদ্ধে নিকৃষ্ট প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ সমৰ্থক এজনে এইদৰে অসমৰ এগৰাকী নাৰীৰ সন্মান হানিকৰ অতীতক ব্যৱহাৰ কৰাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হিন্দু অখিলেশ গুপ্তাই দিয়া পোষ্টটোৰ স্ক্ৰীনশ্বট।
উৎস : ফেচবুক।

উল্লেখযোগ্য যে ২০০৭ চনৰ ২৪ ডিচেম্বৰত আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা দিয়াৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গুৱাহাটীত উলিওৱা এটা প্ৰতিবাদী সমদলৰ সময়ত উক্ত দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছিল। প্ৰতিবাদকাৰীয়ে শিলগুটি দলিওৱাত স্থানীয় লোকৰ সৈতে সংঘাত সৃষ্টি হোৱাৰ পিছত মহানগৰীৰ এচাম লোকে অতি হিংস্ৰতাৰে প্ৰতিক্ৰিয়া কৰিছিল আৰু কেইবাজনো আদিবাসী লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। মহানগৰীৰ মানুহৰ হিংস্ৰতাৰ ফলত প্ৰাণৰ মমতাত সম্পূৰ্ণ উলংগ অৱস্থাৰে দৌৰিব লগীয়া হৈছিল লক্ষ্মী ওৰাং। কেৱল সেয়াই নহয়, সেই অৱস্থাতো তেওঁক কেইজনমানে প্ৰহাৰ কৰিছিল আৰু নিৰ্লজ্জ বহুতে তেওঁৰ ফটো উঠোৱাত ব্যস্ত আছিল।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল, ভুক্তভোগী লক্ষ্মী ওৰাঙক ন্যায় দিয়াৰ বাবে যুঁজ দিয়াৰ পৰিৱৰ্তে উক্ত দুৰ্ভাগ্যজনক অতীতক লৈ বহুতেই ৰাজনৈতিক লাভ উঠোৱাৰ বাবে তৎপৰ হৈ আহিছে। মাজতে এ আই য়ু ডি এফৰ পৰা ওৰাঙক লোকসভাৰ নিৰ্বাচনৰ বাবে টিকট দিবলৈ বিচাৰিছিল।