সোনকালেই মুকলি হ’ব ৰাম মন্দিৰ। কেতিয়া?
দীৰ্ঘদিন বিবাদৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে কৰা ৰায়দানৰ পিছতেই ধুমধামেৰে নিৰ্মাণ কাৰ্য চলি আছে ৰাম মন্দিৰৰ। এতিয়া মাথোঁ ভক্ত সকলৰ অপেক্ষা। কেতিয়া মুকলি হ’ব ৰাম মন্দিৰ! কেতিয়া উদ্ধোধন হ’ব সদা বিতৰ্কিত মন্দিৰটো?
এই সমগ্ৰ কৌতুহল আৰু অপেক্ষাৰ অন্ত পেলাই যোৱা বৃহস্পতি বাৰে ত্ৰিপুৰাত উপস্থিত হৈ গৃ্হমন্ত্ৰী অমৃত শ্বাসে ৰাম মন্দিৰৰ উদ্ধোধনৰ সম্পৰ্কে ঘোষণা কৰে।
অমৃত শ্বাসে ত্ৰিপুৰাত ঘোষণা কৰে যে অহা বছৰ জানুৱাৰী মাহত উদ্ধোধন কৰা হ’ব ৰাম মন্দিৰৰ নতুন উপাসনা গৃ্হ।
অহা বছৰৰ লোকসভা নিৰ্বাচনৰ তিনিমাহ পূৰ্বে উদ্বোধন কৰা হ’ব ৰাম মন্দিৰ। এই মন্তব্যৰ জৰিয়তে অমিত শ্বাহে স্পষ্ট কৰি দিলে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰত ধৰ্মীয় আৱেগ গুৰুত্বপূৰ্ণ হ’ব। ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনটো ধৰ্মৰ ট্ৰাম্প কাৰ্ড খেলিবলৈ সাজু বিজেপি।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে আদালতলৈ গৈ বছৰ বছৰ ধৰি ৰাম মন্দিৰ নিৰ্মাণ বন্ধ কৰি দিছিল। কিন্তু শাসনলৈ আহিয়েই এই পৰিস্থিতি সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লগতে অমিত শ্বাহে কয় যে বাবৰে এই মন্দিৰটো ধ্বংস কৰিছিল। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কংগ্ৰেছে বাৰে বাৰে আদালতলৈ গৈ মন্দিৰ নিৰ্মাণত বাধা দি আহিছে। নিম্ন আদালত, ৰাজ্যিক উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু পুনৰ নিম্ন আদালতলৈ গৈ মন্দিৰ নিৰ্মাণ বন্ধ কৰি দিছিল কংগ্ৰেছে। কিন্তু উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায়দানৰ দিনা প্ৰধানমন্ত্ৰীয়ে লগে লগে মন্দিৰ নিৰ্মাণৰ কামত জপিয়াই পৰে।