• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিয় ৫ এপ্ৰিলৰ নিশা ৯বজাত ৯ মিনিটৰ বাবে চাকি জ্বলাব দিলে প্ৰধান মন্ত্ৰী মোদীয়ে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2020 7:29 am

2 min read

pm
20.9k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ মাজতে শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ৯ বজাত এক ভিডিঅ’ বাৰ্তা যোগে ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক অহা ৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনাইছিল।

দেশৰ ১৩০ কোটি ভাৰতীয়ই এনেদৰে মমবাতি, চাকি অথবা টৰ্চ লাইট জ্বলাই ক’ৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বৰ বাবেও আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী গৰাকীয়ে।

কিন্তু প্ৰধান মন্ত্ৰী মোদীয়ে কিয় ৫ এপ্ৰিলৰ নিশা ৯বজাত ৯মিনিটৰ বাবে চাকি জ্বলাব দিলে?

প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ মাজত সোমাই আছে এটা আমোদজনক অংক। প্ৰধান মন্ত্ৰী মোদীৰ এই আহ্বানৰ সৈতে ৯ সংখ্যাটোৰ এক বিশেষ তাৎপৰ্য আছে।

প্ৰধান মোদীয়ে শুকুৰবাৰে ৰাতিপুৱা ৯বজাত দেশবাসীৰ উদ্দেশ্যে এই আহ্বান জনায়। মোদীৰ বক্তব্যৰ সময়ো আছিল ৯মিনিটৰ।

তেওঁ চাকি জ্বলাবলৈ ক’লে ৫ এপ্ৰিলত অৰ্থাৎ ৫+ ৪=৯। সেইদৰে সময় দিয়া হৈছে নিশা ৯ বজাত ৯ মিনিটৰ বাবে।

তদুপৰি, তেওঁ এই ঘোষণা কৰিলে লকডাউনৰ ঠিক ৯ দিন যোৱাৰ দিনা আৰু ৫ এপ্ৰিলত লকডাউন শেষ হ’বলৈ বাকী থাকিব ৯ দিন।

জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰধান মন্ত্ৰীৰ এই ৯ সংখ্যাৰ আঁৰত আছে আন এক ৰহস্য। কিয়নো ৯ সংখ্যা হৈছে মঙলৰ সংখ্যা।

মঙল শক্তিশালী হ’লে মানুহৰ মনৰ শক্তি বৃদ্ধি পায়। তদুপৰি, অপশক্তি নাশ হয় আৰু শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

জ্যোতিষীৰ মতে চাকি জ্বলালে মঙল শক্তিশালী হয় আৰু মঙল শক্তিশালী হ’লে সকলোৰে মন শক্তিশালী হৈ উঠিব আৰু বিপদৰ সন্মুখীন হ’বলৈ সাহস পাব।

মোদীৰ এই আহ্বানত থকা ৯ সংখ্যাৰ বিষয়টো আন এক ধৰণেও চাব পাৰি।

এপ্ৰিল মাহৰ ৫ তাৰিখ অৰ্থাৎ  ৫+৪=৯। আকৌ ৯ বজাত ৯ মিনিটৰ বাবে। সেইদৰে তিনিটা ৯ পূৰণ কৰিলে হয় ২৭।

আনহাতে, ২৭ সংখ্যাটোৰ ২ আৰু ৭ যোগ কৰা হয় তেতিয়াও ই হ’ব ৯। এইদৰে চালে দেখা যায় যে সকলোতে ৯ সংখ্যাটোও জড়িত হৈ আছে।

এই ৯ সংখ্যাই নৱগ্ৰহৰ আৰাধনাৰ ক্ষেত্ৰত এক যোগাত্মক প্ৰভাৱ পেলায় আৰু জীৱনলৈ নতুন শক্তি ঘুৰি অহা বুলি বিশ্বাস কৰা হয়।

এনেদৰেই প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া বাৰ্তাটোত থকা অন্তৰ্নিহিত অৰ্থ বুলি কোৱা হৈছে।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd