৪০০ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য লিক! আপোনাৰ সুৰক্ষিত নে?

প্ৰায় ৪০৮ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অনলাইনত বিক্ৰী কৰা হৈছে বুলি প্ৰকাশ পাইছে। ধাৰণা কৰা হৈছে যে এইটোৱে এতিয়ালৈকে আটাইতকৈ ডাঙৰ তথ্য উলংঘনৰ ঘটনা।

চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি, এটা হেকিং কমিউনিটি ফ’ৰামত এটা বিজ্ঞাপন পোষ্ট কৰি এজনে দাবী কৰিছে যে তেওঁ ২০২২ চনত ৪৮৭ নিযুত হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰৰ ডাটাবেচ বিক্ৰী কৰিছে। ডাটাবেচটোত ৮৪ খন বিভিন্ন দেশৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ আছে য’ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইজিপ্ত, ইটালী, চৌদি আৰৱ আৰু আনকি ভাৰতৰো বিভিন্ন নম্বৰ অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ

এই তথ্যবোৰ বেছিভাগ আক্ৰমণকাৰীয়ে ফিছিং আক্ৰমণৰ (phishing attack) বাবে ব্যৱহাৰ কৰে। সেয়েহে, হোৱাটছএপ ব্যৱহাৰকাৰীসকলক অজ্ঞাত নম্বৰৰ পৰা অহা কল আৰু বাৰ্তাৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়।

থ্ৰেড এক্টৰে দাবী কৰিছে যে তথ্য সংহতিটোত ৩২ নিযুত আমেৰিকান ব্যৱহাৰকাৰীৰ ৰেকৰ্ড আছে। একেদৰে, প্ৰভাৱিত ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ইজিপ্তত ৪৫ নিযুত, ইটালীত ৩৫ নিযুত, চৌদি আৰৱত ২৯ নিযুত, ফ্ৰান্সত ২০ নিযুত আৰু তুৰ্কীত ২০ নিযুত। ডাটাবেচটোত প্ৰায় ১০ নিযুত ৰাছিয়ান আৰু ১১ নিযুত ব্ৰিটিছ নাগৰিকৰ ফোন নম্বৰ আছে বুলি অভিযোগ কৰা হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে থ্ৰেড এক্টৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাটাছেট ৭,০০০ ডলাৰত (প্ৰায় ৫,৭১,৬৯০ টকা) বিক্ৰী কৰিছে। অৱশ্যে, ব্ৰিটেইন আৰু জাৰ্মানীত ডাটাছেটৰ ব্যয় ক্ৰমে ২৫০০ ডলাৰ (প্ৰায় ২,০৪,১৭৫ টকা) আৰু ২০০০ ডলাৰ (প্ৰায় ১,৬৩,৩৪০ টকা) হব।

লগতে পঢ়ক: লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে বিক্ৰেতাৰ দাবী সম্পূৰ্ণৰূপে অনুমানমূলক। প্ৰায়ে, অনলাইনত পোষ্ট কৰা বৃহৎ ডাটা ছেটবোৰ স্ক্ৰেপ কৰি আৰু হোৱাটছএপৰ সেৱাৰ চৰ্তাৱলী লংঘন কৰি পোৱা যায়।