বেংকলৈ ঘূৰি অহা নাই ২০০০ টকীয়া নোট : বজাৰত এতিয়াও ঘূৰি আছে ৮৪৭০ কোটি টকা – আৰ বি আই

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ দিয়াৰ পিছতো বজাৰত এতিয়াও আছে ৮৪৭০ কোটি টকাৰ ২০০০ টকীয়া নোট। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিত এই কথা প্ৰকাশ কৰে। 

উক্ত বিবৃতিত আৰ বি আই-এ কয় যে বজাৰত থকা ২০০০ টকীয়া নোটৰ ৯৭.৬২ শতাংশ নোট বেংকলৈ ঘূৰি আহিছে। 

উল্লেখ্য যে ২০২৩ চনৰ ১৯ ​​মে’ত আৰ বি আইয়ে ২০০০ টকীয়া নোট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল।

যদিও ২০০০ টকীয়া নোট বন্ধ কৰিব বুলি ঘোষণা কৰা হৈছিল, এই নোট এতিয়ালৈকে বাতিল হোৱা নাই। দেশৰ সাধাৰণ জনতাই দেশৰ ১৯ টা আৰ বি আই শাখাত ২০০০ টকীয়া নোট জমা কৰিব পাৰিব। এই ধন দেশৰ যিকোনো ডাকঘৰৰ জৰিয়তে আৰ বি আইলৈও প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ পিছত সমতুল্য ধন তেওঁলোকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব।

২০০০ টকীয়া নোট এতিয়াও জমা কৰিব পৰা ১৯টা আৰ বি আইৰ কাৰ্যালয় হ’ল – আহমেদাবাদ, বেংগালুৰু, বেলাপুৰ, ভোপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা আৰু তিৰুৱনন্তপুৰম।

আজি আৰ বি আইয়ে এক বিবৃতিত কয় যে ২০২৩ চনৰ ১৯ ​​মে’ত ২০০০ টকীয়া নোটৰ বিমুদ্ৰাকৰণৰ ঘোষণাৰ সময়ত বজাৰত ৩.৬৫ লাখ কোটি টকাৰ নোট আছিল। ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত ই হ্ৰাস পাই ৮৪৭০ কোটি টকা হয়। অৰ্থাৎ বজাৰত থকা ২০০০ টকীয়া নোটৰ ৯৭.৬২ শতাংশ ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিছে।