• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োলেণ্ডত নিশ্চিহ্ন হৈ পৰিব নেকি শাসকীয় বিজেপি? বড়োলেণ্ডত একত্ৰিত হ’ব হাগ্ৰামা-প্ৰমোদ!

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 26, 2025 2:17 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সলনি হ’ব পাৰে বড়ো ভূমিৰ ৰাজনীতি বড়োভূমিত নিশ্চিহ্ন হৈ পৰিব পাৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পদধ্বনি। নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বৰ উদ্যোগত বড়োভূমি আৰম্ভ হৈছে ৰাজনীতিৰ নতুন সমীকৰণ। যি সমীকৰণে বড়োভূমিৰ ৰাজনীতিৰ পৰা বিতাড়িত কৰিব পাৰে শাসকীয় দল বিজেপিক।

আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিও হৈ পৰিব পাৰে অচল। উল্লেখ্য যে, বড়োভূমিৰ দুই আঞ্চলিক ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএল হৈছে চিৰবৈৰী দল। এতিয়া এই দুই চিৰবৈৰী দল দুটাই মিত্ৰতাৰে বিজেপিৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

Apply Now

ইতিমধ্যে বড়ো ৰাজনৈতিক দল দুটাক একলগ তথা মিত্ৰতা কৰিবলৈ উদ্যোগ লৈছে নিখিল বড়ো ছাত্ৰ সন্থাই। বিশেষ সূত্ৰ অনুসৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে হাগ্ৰামা মহিলাৰীৰ বিপিএফ আৰু প্ৰমোদ বড়োৰ ইউপিপিএলৰ মাজত মিত্ৰতা কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে। এই ক্ষেত্ৰত বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰো সেউজ সংকেত পোৱা বুলি জানিব পৰা গৈছে। ইপিনে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ইপিপিএলৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ কৰিছে। বি টি আৰ অঞ্চলৰ শান্তি-সম্প্রীতি আৰু সর্বাংগীণ উন্নতিৰ স্বাৰ্থত দল দুটাই একলগ হোৱাটো অতীৱ প্ৰয়োজনীয় বুলি এবছুৱে বিশ্বাস কৰে।

ইপিনে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পার্টিৰ আগ্রাসী ৰাজনীতিৰ বিপৰীতে দুই বড়ো আঞ্চলিক দল বি পি এফ আৰু ইউ পি পি এলে বড়োলেণ্ডত আঞ্চলিকতাবাদী প্ৰভূত্ব বিচাৰে। বিজেপিৰ আগ্ৰাসনত দুয়োটা বড়ো ৰাজনৈতিক দলে নিশ্চিহ্ন হোৱাৰ পূৰ্বে সন্ধিৰ দুৱাৰ মুকলি ৰাখিছে বুলিও প্ৰকাশ পাইছে। অহা ছেপ্টেম্বৰত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে লৈছিল বিশেষ ৰণকৌশল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সভাপতি দিলীপ শইকীয়াই বিটিচিৰ নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ’ব বুলি প্ৰকাশ কৰিছে। আগ্রাসী ৰাজনীতিৰে বিজেপিয়ে অকলেই বি টি আৰৰ ৪০ টা সমষ্টিৰ ভিতৰত ২৫ টাতকৈও অধিক সমষ্টিত জয়ৰ লক্ষ্যৰে  প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।

ইপিনে দুই কুল মিলাই বিজেপিয়ে নিৰ্বাচনোত্তৰ মিত্ৰতাৰ বাবে ইউপিপিএল আৰু বিপিএফৰ বাবেও দুৱাৰ খোলা ৰাখিছে। অৰ্থাৎ বড়োলেণ্ডৰ ৰাজনীতিত ক্ষমতাৰ বিজেপিয়ে নিজৰ হাতলৈ আনিবলৈ ৰণকৌশল লৈছে। দুই বড়ো আঞ্চলিক দল বি পি এফ আৰু ইউ পি পি এলৰ মাজত ভোটৰ মেৰু বিভাজনৰ সুযোগ লৈ বিজেপিয়ে এইবাৰ বি টি আৰত একক সংখ্যাগৰিষ্ঠ দল হৈ বিজেপিৰ নেতা বিশ্বজিৎ দৈমাৰী বা আন কোনোবা এজনক মুখ্য কার্যবাহী সদস্য পতাৰ বাবে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই ব্লুপ্রিন্ট ৰচনা কৰা বুলিও চৰ্চা চলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই ৰণকৌশলকে বাঞ্চাল কৰিবলৈ এতিয়া উদ্যোগ লৈছে নিখিল বড়ো ছাত্ৰ সন্থাই। 

ইউ পি পি এল আৰু বি পি এফ উভয় দলৰে নেতৃত্ব গভীৰ অনিশ্চয়তাত ভোগাৰ সময়তে নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োবে বি টি আৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দুই বড়ো আঞ্চলিক দল ইউ পি পি এল আৰু বি পি এফৰ মাজত ঐকমত্য গঢ়াৰ উদ্যোগ লোৱা দেখা গৈছে। বিজেপিৰ আগ্রাসী ৰাজনীতিৰ বিপৰীতে ইউ পি পি এলৰ সৈতে একেলগে কাম কৰাৰ বাবে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীক প্রস্তাব দিছে দ্বীপেন বড়োৱে।

এবছুৰ সভাপতি দ্বীপেন বড়োৰ এই উদ্যোগৰ প্ৰতি সহাঁৰিও জনাইছে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীৰ ইতিবাচক সহাঁৰিয়ে বড়ো ৰাজনীতিৰ দৃশ্যপট সলনি হোৱাৰো ইংগিত দিছে। ইপিনে মহিলাৰীয়ে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে বৈঠকৰ পোষকতা কৰিছে। প্ৰমোদ বড়োৰে হাগ্ৰামাৰ বৈঠকত মিলিত হ’লে দুই বড়ো ৰাজনীতিয়ে নতুন মোৰ লোৱাৰো সম্ভাৱনা আছে। যদি বড়োলেণ্ডৰ দুই ৰাজনৈতিক দল বিপিএৰফ আৰু ইউপিপিএলৰ মাজত মিত্ৰতা হয় বড়োভূমিত বিজেপি যে নিশ্চিহ্ন হৈ পৰিব সেয়া প্ৰায় নিশ্চিত।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd