দৰমহা নোকোলাই এজন কেন্দ্ৰীয় মন্ত্ৰীক। যাৰ বাবে মন্ত্ৰীত্ব এৰি ৰাজনীতিৰ পৰা বিদায় ল’ব খুজিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে। কেন্দ্ৰীয় পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে ল’ব খুজিছে এই সিদ্ধান্ত।
ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে অভিনয় কৰিছিল সুৰেশ গোপীয়ে। অভিনয়ৰ লগতে সংগীত চৰ্চাও কৰিছিল তেওঁ। এই ক্ষেত্ৰখনত যথেষ্ট জনপ্ৰিয় আছিল তেওঁ।
কেৰালাৰ কান্নুৰত অনুষ্ঠিত এক অনুষ্ঠানত থ্ৰিছুৰৰ লোকসভাৰ সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীয়ে কয়, “”ৰাজনীতিত যোগদান কৰাৰ পিছত দিনে দিনে moor উপাৰ্জন কৰি আহিছে। মই উপাৰ্জন বৃদ্ধি কৰিব লাগিব। বিশ্বাস কৰক বা নকৰক, দৰমহাৰ বাহিৰে এতিয়া মোৰ কোনো উপাৰ্জন নাই। সেয়েহে মই পুনৰ অভিনয় জগতলৈ উভটি যাব খোজো।”
সুৰেশ গোপীয়ে লগতে কয় যে মই দলৰ আটাইতকৈ কম বয়সীয়া সদস্য। মোৰ সলনি ৰাজ্যসভাৰ সাংসদ চি সদানন্দন মাষ্টৰক মন্ত্ৰীত্ব দিব লাগে।
লগতে তেওঁ কয়, “মই কেতিয়াও মন্ত্ৰালয় বিচৰা নাছিলো। নিৰ্বাচনৰ মাত্ৰ এদিন পূৰ্বে মই সাংবাদিকক কৈছিলোঁ যে মোৰ মন্ত্ৰী হোৱাৰ কোনো ইচ্ছা নাই। মই চলচ্চিত্ৰ উদ্যোগত হে থাকিব বিচাৰো।”
২০০৮ চনৰ অক্টোবৰ মাহত মই দলত যোগদান কৰিছিলো। ৰাইজে মোক সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল আৰু দলটোৱে অনুভৱ কৰিছিল যে মই মন্ত্ৰী হোৱাৰ যোগ্য। কিন্তু মই এতিয়া মন্ত্ৰীত্ব এৰি অভিনয় তথা চিনেমা উদ্যোগটোলৈ ঘূৰি যাবলৈ খুজিছোঁ।





