NORTHEAST NOW (Assamese)

প্ৰখ্যাত মুখা শিল্পী মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ কোষকান্ত দেৱ গোস্বামীৰ পৰলোক

October 13, 2018 9:45 am · মিটু খাটনিয়াৰ
Updated: October 13, 2018 4:57 pm

আজি ১২ অক্টোবৰৰ ৰাতি প্ৰায় ২বজাত প্ৰখ্যাত মুখা শিল্পী মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীৰ পৰলোকপ্ৰাপ্তি হয়। সত্ৰাধিকাৰ গৰাকীয়ে শিল্পকৰ্মৰ বাবেই ২০০৩ চনত ‘সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল লগতে ২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বঁটাও লাভ কৰিছিল ।

বাৰ্ধক্যজনিত কাৰণত ৮৯ বছৰ বয়সত নিজ গৃহতে মৃত্যু হয় সত্ৰাধিকাৰ গৰাকীৰ। মানৱ-দৰদী সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিছে ।

উল্লেখযোগ্য যে যোৱা ৪ অক্টোবৰত উচ্চ ৰক্তচাপজনিত ষ্ট্ৰোকত ভোগাৰ পিছত প্ৰায় ৮৮ বছৰীয়া সত্ৰাধিকাৰগৰাকীক যোৰহাটত চিকিৎসা কৰোৱা হৈছিল যদিও ৫ অক্টোবৰত গুৱাহাটীলৈ অনা হৈছিল ।

মুখাশিল্পী হিচাপে সুখ্যাতি থকা আৰু মুখাশিল্প কৰ্মৰ বাবেই ২০০৩ চনত সংগীত-নাটক অকাডেমিৰ বঁটা লাভ কৰা সত্ৰাধিকাৰগৰাকীয়ে সত্ৰাধিকাৰৰ দায়িত্বতেই নিজকে সীমাবদ্ধ নাৰাখি বহুতো বিৰল সৃষ্টিকৰ্ম উপহাৰ দিছিল ৰাজ্যবাসীক। মুখাশিল্পক সত্ৰাধিকাৰজনে অনন্য স্তৰলৈ তুলি নিবলৈ সক্ষম হৈছিল।

Related News