মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

Kalang will flow agaian..

ফটো: নৰ্থইষ্ট নাও।

পুনৰ বোৱঁতী হ’ব কলং! কলিয়াবৰৰ মাজেৰে কলঙৰ মুখেদি পুনৰ পানী বৈ যাব। হাতীমূৰাৰ পৰা পুনৰ বৈ যাব কলং!!

উল্লেখ্য যে কলং বন্ধ হোৱাৰ চল্লিশ বছৰৰ পিচত ২০১৩ চনৰ ডিচেম্বৰ মাহৰ ১৭ তাৰিখে তদানীন্তন কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বিধানসভাত কলঙক পুনৰ বোৱাঁই নিয়াৰ এক প্ৰস্তাৱ দিছিল।

প্ৰস্তাৱটো সেই সময়ৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰি এক আঁচনি প্ৰস্তুত কৰে। তাৰ মাজতে ২০১৭ চনৰ ১২ আগষ্টৰ নিশা হাতীমূৰাত কলঙৰ মাথাউৰি ভাঙি কলংখন বোৱঁতী হয় যদিও সমগ্ৰ কলিয়াবৰ প্লাবিত হৈ পৰাত পুনৰ বন্ধ কৰি দিয়া হয় কলং।

কিন্তু এইবাৰ পৰীক্ষা নিৰীক্ষা কৰি বোৱঁতী কলঙৰ সপোন ২০২১ বৰ্ষৰ বাৰিষা সম্পূৰ্ণ হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল যদিও মূৰকত হৈ নুঠিল।

লগতে পঢ়ক: দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

সেই সময়ৰ তদানীন্তন জলসম্পদ মন্ত্ৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলং পুনৰুজ্জীৱিতকৰণ বাবে বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকৰ লগতে বিশেষজ্ঞ কমিটীৰ পৰামৰ্শমৰ্মে প্ৰাকক্কলন প্ৰস্তুত কৰি কলঙত পুনৰ প্ৰাণ সঞ্চাৰৰ প্ৰচেষ্টা হাতত লোৱা হয়।

হাতীমূৰা আৰিকাটিমুখৰ পৰা ওলোৱা কলঙৰ মুখভাগত এখন শ্লুইছ গেট নিৰ্মাণ কৰি কলঙক বোৱাঁই নিয়াৰ বাবে প্ৰশাসনিক অনুমোদন লাভ কৰে।

ইতিমধ্যে কলঙৰ বুকুঁৰে জলধাৰা বোৱাঁবলৈ ১৩৫ কোটি ৪০ লাখ টকা ধাৰ্য কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ত ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ উপস্থিতিত তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আৰতি-উৰুলিৰে পানীদ্বাৰ নিৰ্মাণ কাম শুভাৰম্ভ কৰে।

লগতে পঢ়ক:ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

অতি তীব্ৰগতিৰে দিনটোৰ চব্বিশ ঘণ্টাই বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে কাম কৰি ছমাহৰ ভিতৰত কলঙক বোৱঁতী নদী কৰা হ’ব বুলি মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভণি অনুষ্ঠানতে ঘোষণা কৰিছিল।

কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে ‘জেড ইঞ্জিনিয়াৰিং’ নামৰ প্ৰতিষ্ঠানটোৱে লাভ কৰা নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱাৰ বাবে আজি দুবছৰত ভৰি দিলে, কিন্তু শ্লুইছ গেট নিৰ্মাণৰ কামেই সম্পূৰ্ণ নহ’ল।

ইয়াকে লৈ কলিয়াবৰৰ লগতে সমগ্ৰ নগাঁৱৰ সচেতন ৰাইজৰ মাজত কলং পুনৰ বোৱঁতী হ’বনে নহয় সেই সন্দেহ ঘনীভূত হৈছে।

মেটেকাৰে ভৰা কলং। ফটো: নৰ্থইষ্ট নাও।

ইফালে নতুনকৈ দায়িত্ব গ্ৰহণ কৰা বিজেপি চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই যোৱা বছৰৰ ২৩ মে’ত হাতীমূৰাৰ পৰিদৰ্শন কৰি  নিৰ্মাণ সংস্থাটোক কম দিনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰিবৰ বাবে নিৰ্দেশ দিয়াও প্ৰায় ছমাহ অতিক্ৰম কৰিলে৷ কিন্তু আজিলৈকে শ্লুইছ গেট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল।

আনহাতে, কলংখন দিনক দিনে মেটেকাৰ ভৰি পুনৰ বোৱঁতী কলঙৰ পৰিবৰ্তে লেতেৰা কলঙলৈহে পৰিবৰ্তন হৈছে। তদুপৰি, শ্লুইছ গেট নিৰ্মাণত ব্যৱহাৰ কৰা ৰডসমূহত মামৰ লগাৰ বাবে কামৰ মানদণ্ডৰ ওপৰত সন্দেহৰ অৱকাশ থকা বুলি ৰাইজৰ মাজত চৰ্চা হোৱা দেখা গৈছে।

ইপিনে,বাৰিষাও সমাগত, গতিকে ২০২২বৰ্ষতো কলং যে বোৱঁতী হোৱাৰ আশা নাই সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।