ডিমা হাছাও জিলাত ক’ভিড আক্রান্ত দ্বিতীয় গৰাকী ব্যক্তিৰ মৃত্যু!

Screenshot_2020-09-05-23-17-01-69

ডিমা হাছাওত ক'ভিডত মৃত্যু হোৱা দ্বিতীয়গৰাকী ব্যক্তি ঝান্টু চক্ৰৱৰ্তী। ফাইল ফটো: নৰ্থইষ্ট নাও

পার্বত্য ডিমা হাছাও জিলাত ক’ভিড আক্ৰান্ত হৈ এতিয়ালৈকে দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

শনিবাৰে মৃত্যু হোৱা ব্যক্তি গৰাকী হৈছে নাম ঝন্টু চক্রৱর্তী (৪৯)। তেওঁৰ ঘৰ মাইবাঙৰ সুভাষ নগৰত।

প্ৰাপ্ত তথ্য অনুসৰি ঝন্টু চক্ৰৱৰ্তীয়ে শাৰিৰীক অসুস্থতা  অনুভৱ কৰাৰ পাছতে মাইবাং অসামৰিক হাস্পাতললৈ যোৱা হয়।

হাস্পাতলত ঝন্টুৰ ৰেপিড এন্টিজেন টেষ্ট (ৰেট) কৰাত ৰিপ’ৰ্ট নিগেটিভ আহে।

কিন্তু শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত তেওঁক মাইবাঙৰ পৰা হাফলং অসামৰিক হাস্পাতললৈ প্ৰেৰণ কৰা হয়।

হাফলঙত ত চিটি স্ক্যান কৰাৰ পাছত চিকিৎসক সকলে ঝন্টুৰ শৰীৰত ক’ৰনাৰ লক্ষণ দেখা পায়। আনহাতে, তেওঁৰ উশাহ লোৱাত সমস্যা হৈছিল।

ইপিনে, দ্বিতীয়বাৰৰ কাৰণে হাফলঙত ৰেপিড টেষ্ট কৰা হয় আৰু ক’ভিড পজিটিভ পোৱা যায়।

ইয়াৰ পাছতে লগে লগে ঝন্টু চক্ৰৱৰ্তীক ক’ভিড কেয়াৰ চেন্টাৰৰ আইচ’লেশ্যনলৈ লৈ যোৱা হয়।

কিন্তু আবেলি পোনে পাঁচ বজাত  চিকিৎসকসকলে ঝন্টু চক্রৱর্তীক মৃত বুলি ঘোষণা কৰে।

ঝন্টু চক্রৱর্তী ডিমা হাছাও জিলাৰ দ্বিতীয় গৰাকী ক’ভিড আক্ৰান্ত মৃত ব্যক্তি যদিও হাফলং ক’ভিড কেয়াৰ চেন্টাৰৰ আইচ’লেশ্যনত মৃত্যু হোৱা প্রথম গৰাকী ৰোগী।

ডিমা হাছাও জিলাৰ প্রথম ক’ভিড আক্রান্ত মৃত ব্যক্তি উমৰাংছুৰ ছানিয়া সাহা(২৫)। তেওঁৰ গুৱাহাটীৰ জিএনআৰচিত মৃত্যু হৈছিল।

উল্লেখ্য, পার্বত্য জিলাত এতিয়ালৈকে ক’ভিড আক্রান্তৰ সংখ্যা হৈছে ৪৬০গৰাকী। সুস্থ হৈ ঘৰত উভতি গৈছে ৩৬১গৰাকী। আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৭গৰাকী আৰু দুগৰাকীৰ মৃত্যু হৈছে।