NORTHEAST NOW (Assamese)

শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি জম্মু কাশ্মীৰত

March 12, 2023 8:59 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ দৰেই আন এটা জঘন্য ঘটনা সংঘটিত হৈছে জম্মুকাশ্মীৰৰ বদগামত। ত্ৰিশ বছৰীয়া এগৰাকী মহিলাক হত্যা কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ টুকুৰা টুকুৰ কৰি কেইবা ঠাইতো মৃতদেহ পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাৰ অভিযুক্তগৰাকীৰ নাম শ্ববিৰ।

আৰক্ষীৰ মতে, জেৰাৰ সময়ত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। তথ্য অনুসৰি যোৱা ৮ মাৰ্চত মহিলাগৰাকীৰ ভাতৃ তনবীৰ আহমেদ খানে ভগ্নী নিৰুদ্দেশ হোৱা বুলি থানাত এটা গোচৰ দাখিল কৰিছিল।

অভিযোগত তনবীৰে কয় যে তেওঁৰ ভগ্নী যোৱা ৭ মাৰ্চত কোচিং চেন্টাৰ এটালৈ গৈছিল। কিন্তু ক্লাছ শেষ কৰি ঘৰলৈ উভতি অহা নাছিল তনবীৰৰ ভগ্নী। ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো তেওঁ ঘৰলৈ উভতি নহাত যোৱা ৮ মাৰ্চত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে তনবীৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে শ্ববিৰ সহিতে কেইবাজনো সন্দেহযুক্ত লোকক সোধাপোচা কৰে। শ্ববিৰৰ কথাত সামঞ্জস্য বিচাৰি নাপাই আৰক্ষীৰ সন্দেহৰ সৃষ্টি হয়। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা কৰে। তেতিয়াই শ্ববিৰে মহিলাগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। আৰক্ষীৰ মতে, মহিলাগৰাকীক হত্যা কৰাৰ পিছত শ্ববিৰে প্ৰমাণ লুকুৱাবলৈ মৃতদেহটো টুকুৰা টুকুৰ কৰি কেইবাটাও স্থানত মৃতদেহৰ অংগ পুতি থয়। শ্ববিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে সেই স্থানসমূহৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ।

Related News