NORTHEAST NOW (Assamese)

কিয় হঠাতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল কিম জঙৰ ভগ্নী কিম ইয়ো জং?

April 2, 2021 12:48 pm · এন ই নাও নিউজ
উত্তৰ কোৰিয়াৰ নেত্ৰী কিম ইয়ো জং আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইন।

ককায়েকৰ দৰেই একে মেজাজৰ নেত্ৰী উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ ভগ্নী কিম ইয়ো জং।

অলপতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনক কৈছিল যে আগন্তুক চাৰি বছৰ যদি ভাল কৰি শুব বিচাৰে তেতিয়াহ’লে আৰম্ভণিৰ পৰাই এনে কোনো পৰিস্থিৰ সৃষ্টি নকৰাই ভাল যিয়ে আপোনাৰ নিদ্ৰা হৰণ কৰিব পাৰে।

একেদৰে আকৌ এবাৰ আক্ৰমণাত্মক বক্তৱ্যেৰে চৰ্চাৰ মাজলৈ আহিছে ৩২বছৰীয়া নেত্ৰী কিম ইয়ো জং।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ বেলেষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষাক লৈ মন্তব্য কৰাৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ ওপৰত তেওঁ ক্ষুব্ধ হৈ পৰিছে।

বাতৰি অনুসৰি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনক আমেৰিকাৰ ‘ভাটৌ চৰাই’ বুলি অভিহিত কৰিছে কিম ইয়ো জঙে।

এক বিবৃতিত কিম ইয়ো জঙে কয় যে মুন জে ইনৰ নিৰ্লজ্জতাত অবাক নহৈ নোৱাৰি। যুক্তৰাষ্ট্ৰ সজোৱা ভাটৌ চৰাই হিচাপে ‘প্ৰশংসা লাভ’ কৰি তেওঁ সামান্যও দুখিত নহয়।

এনে বক্তব্যৰ পাছতে ছিউলৰ একত্ৰীকৰণ বিষয়ৰ মন্ত্ৰীগৰাকীয়ে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি কৈছে যে দুয়োখন কোৰিয়াকে যিকোনো পৰিস্থিতিতে অৱশ্যে ন্যুনতম শিষ্টাচাৰ অনুসৰণ কৰিবই লাগিব।

বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ শেহতীয়াকৈ বেলেষ্টিক ক্ষেপনাস্ত্ৰ পৰীক্ষাক লৈ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনে কৈছিল, ‘’এনেকুৱা পদক্ষেপে বাৰ্তালাপৰ সম্ভৱনাক আৰু জটিল কৰি তুলিব। মানুহ ইয়াক লৈ উদ্বিগ্ন।‘’

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ বক্তৱ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে প্ৰায় মিলি গৈছে। সেইবাবেই হয়তো কিম ইয়ো জং ৰাষ্ট্ৰপতি মুন জে ইনৰ ওপৰত ক্ষুব্ধ হৈ এইদৰে মন্তব্য কৰে।

Related News