
গোহাৰি
আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ছয় মাহ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ১৯ মাৰ্চত দিছপুৰৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ প্ৰেক্ষাগৃহত অসম নাগৰিক সন্মিলনৰ উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ দৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰা হ’ব। জুবিন গাৰ্গ কেৱল এজন প্ৰতিভাধৰ শিল্পীয়েই নাছিল, তেওঁ আছিল অসমৰ ঐক্য আৰু সংহতিৰ প্ৰতীক। অসমৰ সমাজ জীৱনৰ সংকট কালত তেওঁৰ দৰে এগৰাকী মহান শিল্পীৰ আকস্মিক বিয়োগ আমাৰ কাৰণে এক ভাবিব নোৱৰা ক্ষতি। শিল্পীগৰাকীৰ কন্ঠই আজিও আমাক আলোড়িত কৰে, শিহৰিত কৰে। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ’লেও তেওঁৰ গীত, সুৰ, কণ্ঠ আৰু আদৰ্শ সদায় আমাৰ মাজত জীয়াই থাকিব। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত যোগদান কৰিবলৈ আমি সকলোকে গোহাৰি জনাইছোঁ।
অসম নাগৰিক সন্মিলনৰ হৈ
ড° হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান আৰু শান্তনু বৰঠাকুৰ।





