• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃততে কি কৈছিল ড০ হীৰেন গোঁহাইয়ে?, পঢ়ক প্ৰতিবাদী সভাত দিয়া ভাষণৰ পূৰ্ণপাঠ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 7:41 pm
hiren-Gohain

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ‘ৰাষ্ট্ৰদ্ৰোহ’ৰ গোচৰ ৰুজু কৰাৰ পাছত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু প্ৰকৃততে ড০ গোহাঁইয়ে তেওঁৰ বক্তৱ্যত কি ৰাষ্ট্ৰদ্ৰোহী কথা কৈছিল? ৭ জানুৱাৰিৰ সেই প্ৰতিবাদী সভাৰ ভাষণৰ পূৰ্ণপাঠ আগবঢ়োৱা হ’ল :-

উপস্থিত সংগ্ৰামী ৰাইজ‌। অসম বিভিন্ন আন্দোলনত বলীয়া হৈ আছে‌। কিন্তু বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে কোনো সুযোগেই নাপায়‌। এটাৰ পাছত এটা বিপৰ্যয় আহি আমাক বিভ্ৰান্ত, উদভ্ৰান্ত কৰি আছে‌। আমি তাৰ পৰা কিছু শিক্ষা লাভ কৰিছো‌।

Apply Now

আবেগ সাৰোগত কৰি নহয়‌। আবেগ লাগিব‌। আবেগ মানুহৰ ৰক্ত প্ৰবাহৰ নিচিনা‌। আবেগ নহ’লে কোনো আন্দোলনে নহয়‌।কিন্তু এই আবেগৰ ভিত্তিত কিছুমান নীতি আদৰ্শ নিশ্চয় লাগিব‌। আমি যে ধৰ্ম-নিৰপেক্ষতাৰ কথা কৈছো, এই ধৰ্ম নিৰপেক্ষতা পাতনিৰে পৰা থকা সংবিধানৰ এটা প্ৰতিশ্ৰুতি‌, সংবিধানৰ এক অন্যতম আধাৰ।

গতিকে ধৰ্ম-নিৰপেক্ষতা যি দল, যি চৰকাৰে উলংঘা কৰিবলৈ বিচাৰে আমি সেই চৰকাৰ নিপাত যোৱাটো নিশ্চয় বিচাৰোঁ‌। কিন্তু তাৰ দ্বাৰা আমি কি কৰিছোঁ? আমি এই কথা ঘোষণা কৰি ভাৰতৰ ধর্মনিৰপেক্ষ যিটো চৰিত্ৰ তাক ৰক্ষা কৰিব বিচাৰিছো। অসমৰ বাবে যুঁজ কৰি আমি, অসমৰ অস্তিত্বৰ বাবে যুঁজ কৰিম, ভাৰতৰ সংবিধান ৰক্ষাৰ যুঁজত আমি ব্ৰতী হ’ম।

আপোনালোকে জানে যে ১৯৪৬, ৪৭ চনত, যেতিয়া ধৰ্মৰ ভিত্তিত বংগ দেশ বিভাজন হৈছিল, তেতিয়া আমাৰ দূৰদৰ্শী দেশপ্ৰেমিক নেতা গোপীনাথ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক বুকুত বান্ধি সেইধৰণৰ আহ্বানৰ প্ৰতি বিৰোধিতা জনাইছিল‌। জিন্না, মৌলানা ভাসানীৰ যি হুংকাৰ তাক তেত্তঁলোকে নেত্তচিছিল, হিন্দু ৰাষ্ট্ৰৰ সপক্ষে থিয় হৈ পেলায়‌।

ধৰ্ম নিৰপেক্ষ নিৰপেক্ষ ভাৰতীয় ৰাষ্ট্ৰৰ সপক্ষে তেত্তঁ থিয় দিছিল। আৰু এই ধৰ্ম নিৰপেক্ষতা হৈছে আমাৰ সংবিধানৰ অন্যতম ভিত্তি। গতিকে ধৰ্ম-নিৰপেক্ষতাৰ সপক্ষে যুদ্ধ কৰা, আৰু ধৰ্মীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰাসকলে ভাৰতৰ কাৰণে যুদ্ধ কৰিছে, অসমৰ কাৰণে কিন্তু যুদ্ধ নহয়‌।

দ্বিতীয় কথা হৈছে এইটো, যে বৃটিছৰ দিনৰ পৰা অসমক নানান অন্যায় কৰি থকা হৈছে‌। ১৮৩৭ চন ভাষাটোকে উঠাই দিলে‌। ক’ৰ্ট-কাছাৰী,স্কুলৰ পৰা‌। ১৯০৫ চনত বংগৰ পূৰ্ব বংগৰ লগত গাঠি দি অসমৰ অস্তিত্বই নোহোৱা কৰিলে। আমি ভাৱিছিলো, যে স্বাধীন চৰকাৰে নিজৰ অস্তিত্বৰে, আমাক নিজৰ মৰ্যদাৰে, বাচি থাকিবলৈ আমাক সুযোগ দিব‌। আমাক অবকাশ দিব‌। কিন্তু সেইটো নহ’ল‌। অসম আটাইতকৈ বঞ্চিত, অনুন্নত ৰাজ্য হৈ থাকিল‌। গতিকে আমি যদি আজি কিবা দাবী কৰিছো, যিটো সংবিধানৰ প্ৰতিশ্ৰুতি, য’ত সংঘীয় ৰাষ্ট্ৰ, য’ত সকলো ৰাজ্যৰ সমান মৰ্যদা, সমান অধিকাৰ, সেই সংঘীয় ৰাষ্ট্ৰৰ আদৰ্শ আমি আকৌ জানিব বিচাৰিছো‌।

যদি স্বাধীনতাৰ কথা আহে, যদি আমাৰ কোনো কথাই নুশুনে, চৰকাৰে, ৰাষ্ট্ৰই, অন্যান্য দল সংগঠনে ভাৰতৰ, তেতিয়াহ’লে বেলেগ কথা‌। তেতিয়া আমি স্বাধীনতাৰ দাবী নিশ্চয় তুলিবলৈ বাধ্য হ’ম‌। কিন্তু সম্প্ৰতি আমি ভাৰতীয় ৰাষ্ট্ৰৰ ধৰ্ম-নিৰপেক্ষ চৰিত্ৰ, সংঘীয় চৰিত্ৰ ৰক্ষাৰ কাৰণে যুঁজিছো, আমাৰ অসমৰ কাৰণে যুদ্ধখন, ভাৰতৰ কাৰণে যুদ্ধত পৰিণত হৈছে‌।

আৰু স্বাভাবিকতে ইয়াৰ বিৰুধিতা কৰা সকলো অপশক্তিকে আমি ধিক্কাৰ দিছো‌। আৰু আজি সেইকাৰণে আমি ধিক্কাৰ দিবস পালন কৰিছো, আৰু নিজৰ নাক-কাণ কাটি, চৰকাৰৰ লগত সহযোগিতা কৰি থকা, চৰকাৰৰ লগত একে মঞ্চত আসন গ্ৰহণ কৰি থকা, হাত-তালি বজোৱা অগপৰ নেতাসকলক আমি ধিক্কাৰ দিছো‌। নৰেন্দ্ৰ মোদীক ধিক্কাৰ দিছো‌। তেত্তঁ এখন দেশৰ প্ৰধান মন্ত্ৰী‌। তেত্তঁ আহি পেলাই, শিলচৰত, অত্যন্ত সংকীৰ্ণ এটা জাতীয় আৰু ধৰ্মীয়, বাণী কেনেকে ঘোষণা কৰিব?

তেত্তঁ ৰাষ্ট্ৰৰ প্ৰতি বিশ্বাসঘাতক‌। নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ আদৰ্শৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছে‌। গতিকে তেত্তঁৰ দল, তেত্তঁৰ নেতৃত্ব আমি আৰু নিবিচাৰোঁ‌। অসমৰ মানুহে তেত্তঁক নিবিচাৰে‌। বন্ধুসকল, ইয়াকে সাৰোগত কৰি আমি আগবঢ়া উচিত‌। সাময়িক আবেগৰ ঢৌত উটি নগৈ আমি ভাৰতৰ নাগৰিক হিচাবে যিমান দূৰ পাৰোঁ যুঁজিম‌।যদি সেই যুঁজ সফল হ’ব নোৱাৰে (মই ভাৱোঁ সফল হ’ব), তেতিয়া স্বাধীনতাৰ দাবী উঠিব। ধন্যবাদ।

(ড০ হীৰেন গোহাঁই)

(ফেচবুকৰ সৌজন্যত)

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd