১৯ জুনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় সংখ্যক সমাৱৰ্তন সমাৰোহ

Commencement

ইন্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, অসমৰ দ্বিতীয় সংখ্যক সমাৱৰ্তন সমাৰোহ অহা ১৯ জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

এই বিশ্ববিদ্যালয়ৰ (২০১৫-১৭ চনলৈ) পৰা এম বি বি এচ, বি ডি এচ, বি পি টি, বি ফাৰ্ম, বি এইচ এম এচ, বি এ এম এচ, বি এচ ছি নাৰ্চিং স্নাতক ডিগ্ৰীধাৰী, স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰা ব্যক্তি সমূহক এই সমাৱৰ্তনত আনুষ্ঠানিকভাৱে সন্মান প্ৰদান কৰা হ’ব।

আনহাতে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা অসমৰ দহগৰাকী জেষ্ঠ্য চিকিৎসক তথা শিক্ষাগুৰুক শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, অসমৰ তৰফৰ পৰা জীৱনজোৰা অৱদান সন্মানেৰে বিশেষভাৱে সন্মানিত কৰা হ’ব। তদুপৰি এই বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন পৰীক্ষাসমূহত বিশেষ পাৰদৰ্শিতা দেখুওৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলকো বিশেষভাৱে পুৰস্কৃত কৰা হ’ব।

এই বিশ্ববিদ্যালয়ৰ পৰা ২০১৫-১৭ বৰ্ষৰ ভিতৰত উত্তীৰ্ণ হোৱা বিভিন্ন বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে সমাৱৰ্তন অনুষ্ঠানৰ বাবে এই পৰ্যন্ত পঞ্জীয়ন কৰা নাই, সেই ছাত্ৰ-ছাত্ৰীসকলকো সমাৱৰ্তন সমাৰোহত অংশ ল’বলৈ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় অসমৰ উপাচাৰ্য্য ডাঃ দীপিকা ডেকাই অনুৰোধ জনাইছে।

আনহাতে সমাৱৰ্তনত পৰিধান কৰিব লগীয়া বিশেষ পোছাকযোৰ ১৯ জুনৰ পুৱা ১০ বজাৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহৰ পৰা সংগ্ৰহ কৰিবলৈও আহ্বান জনোৱা হৈছে।

সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব এই বিশ্ববিদ্যালয়ৰ আচাৰ্য্য তথা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট অতিথিৰূপে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক তথা মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ পৰিচালনা সমিতিৰ সদস্য প্ৰফেচৰ পদ্মশ্ৰী ডাঃ ৰণদীৰ গুলেৰিয়া উপস্থিত থাকিব। তেওঁ লগতে এই সমাৱৰ্তনত বক্তব্যও আগবঢ়াব।