NORTHEAST NOW (Assamese)

নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰা কোন এইগৰাকী কমলা হেৰিছৰ সতীয়া কন্যা?

February 20, 2021 9:11 am · এন ই নাও নিউজ
কমলা হেৰিছ আৰু এলা এমহফ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি ভাৰতীয় মূলৰ কমলা হেৰিছ এতিয়া গোটেই বিশ্বতে এক পৰিচিত নাম। স্বাভাৱিকতেই কমলা হেৰিছৰ কামকাজৰ প্ৰতি দৃষ্টি থকাৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত বিষয়ৰ কথাবোৰো আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

শেহতীয়াকৈ দেশখনৰ ফেশ্বন জগতত খলকনি তুলি ৰেম্পত খোজ পেলাইছে উপ ৰাষ্ট্ৰপতিগৰাকীৰ সতীয়া কন্যা এলা এমহফে।

আমেৰিকান ব্ৰেণ্ড প্ৰ’নজা ছোলাৰৰ হৈ নিউয়ৰ্ক ফেশ্বন উইকৰ জৰিয়তে আনুষ্ঠানিকভাৱে ফেশ্বন জগতত ভূমুকি মাৰিছে এলাই।

এনেকৈ মডেলিং জগতত ভৰি দিয়াৰ আৰম্ভণিতেই সকলোৰে দৃষ্টি কাঢ়িছে এলা এমহফে। এলাই ফেশ্বন সম্পৰ্কতে অধ্যয়ন কৰিছে আৰু সৰুৰে পৰা ডিজাইনৰ হোৱাৰ সপোন দেখি আহিছে।তেওঁৰ নিজাকৈ এটা ব্ৰেণ্ড গঢ়ি তোলাৰ পৰিকল্পনা আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ অভিষেক অনুষ্ঠানত এলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেইদিনা তেওঁ এটা বিশেষভাৱে প্ৰস্তুত কৰা ম্যু ম্যু কোট পৰিধান কৰিছিল আৰু নিশাটোৰ ভিতৰতে সেয়া ভাইৰেল হৈ পৰিছিল।

এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেশ্বন জগতৰ এগৰাকী তাৰকা হৈ পৰিছে এলা এমহফ।

Related News