কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অহা ১৫ আগষ্টৰ পিছত অসমলৈ প্ৰথমবাৰৰ বাবে আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
এক বিশেষ সূত্ৰৰ মতে নৱনিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম আগমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
অহা ১৬ বা ১৭ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমত উপস্থিত হোৱাৰ কথা।
প্ৰধানমন্ত্ৰী মোদীয়ে নতুন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম আগমণক ‘আশীৰ্বাদ যাত্ৰা’ৰূপে পালন কৰিবলৈ ৰাজ্যিক বিজেপিক কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিছে।
সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে আনকি গুৱাহাটী বিমান বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বক আদৰি আনিবলৈও নিৰ্দেশ দিছে।
এই আশীৰ্বাদ যাত্ৰাত অতি ক’মেও ৫০ হাজাৰ দলীয় কৰ্মী উপস্থিত থাকিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে দলীয়ভাৱে বাৰ্তা প্ৰেৰণ কৰিছে।
ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাধাৰণ সম্পাদক ফণী শর্মাক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মানাৰ্থে এই বৃহৎ কাৰ্যসূচী আয়োজন কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ হেৰুৱাইছে থৰকাছুটি।
অৰ্থাৎ ৰাজ্যৰ ৰাজনীতিত অপাংক্তেয় কৰিব খোজা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্বয়ং প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰাত ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী শিবিৰ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে।
প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নৱনিযুক্ত কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালৰ অসম আগমণৰ আশীৰ্বাদ যাত্ৰা ৰূপায়ণৰ নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্য চৰকাৰে হঠাতে আন্তঃজিলা যাতায়াত আৰম্ভ কৰাৰ বাবে সাজু হোৱা বুলি ধাৰণা কৰা হৈছে।
অৰ্থাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মোদী মন্ত্ৰীসভাৰ নৱনিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৫০ হাজাৰ দলীয় কৰ্মীৰ উপস্থিতিৰে আদৰণি জনাবলৈ নিৰ্দেশ লাভ কৰাৰ পিছতহে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যৰ ৰাজনীতিত গুৰুত্বহীন কৰি তোলাৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা এই নিৰ্দেশ পোৱাৰ পিছতে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে হেৰুৱাইছে থৰকাছুটি।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যৰ ৰাজনীতিত অপাংক্তেয় কৰিব খোজা স্বয়ং ডঃ হিমন্ত বিশ্ব শর্মাই আন্তঃজিলা যাতায়াত শীঘ্ৰে আৰম্ভ কৰা সম্ভৱ নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।
এতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশনা লাভ কৰিয়ে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰা বুলি জানিব পৰা গৈছে।