• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্যকৰ্মীৰ ধৰ্মঘটত অচল প্ৰায় ৰাজ্যৰ স্বাস্থ্যসেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 8:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম), অসমৰ অধীনৰ ২৪ সহস্ৰাধিক বিষয়া-কর্মচাৰীৰ কৰ্মবিৰতিত স্বাস্থ্যসেৱা প্ৰায় অচল হৈ পৰিছে। ইয়াৰ ফলত হাজাৰ হাজাৰ ৰোগী চিকিৎসা তথা অন্যান্য সেৱাৰ পৰা বঞ্চিত হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এই পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে আৰু শীঘ্ৰে স্বাস্থ্য কৰ্মীসকলৰ নায্য দাবী মানি লৈ স্বাস্থ্য সেৱা নিয়মীয়া কৰিবলৈ দাবী জনাইছে।

ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত এন এইছ এমৰ অধীনত এইসকল কৰ্মীয়ে ২০০৬ চনৰ পৰাই প্রায় দুই দশক ধৰি স্বাস্থ্যসেবা আগবঢ়াই আহিছে। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰপৰা আৰম্ভ কৰি জিলা চিকিৎসালয়ৰ লগতে আদর্শ চিকিৎসালয়, প্রাথমিক স্বাস্থ্যকেন্দ্র, ৰাজ্যিক চিকিৎসালয়, উপ-স্বাস্থ্যকেন্দ্র আদিত অতি ন্যূনতম দৰমহা আৰু চাকৰিৰ কোনো নিশ্চয়তা নোহোৱাকৈ স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। এন এইচ এম টেকনিকেল কৰ্মচাৰী তথা বিষয়া-কৰ্মচাৰীসকলে স্বাস্থ্য বিভাগৰ আন স্থায়ী কৰ্মচাৰী সকলৰ নিচিনাকৈ সমানে কাম কৰি আহিছে যদিও স্থায়ী কৰ্মচাৰীৰ তুলনাত এন এইচ এম স্বাস্থ্য কৰ্মচাৰী সকলে অতি সামান্য দৰমহা লাভ কৰে।

Apply Now

স্বাস্থ্য খণ্ডৰ মেৰুদণ্ড স্বৰূপ এইসকল কৰ্মচাৰীয়ে দীর্ঘদিন ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকাৰ পাছতো চাকৰি স্থায়ী নোহোৱা বাবে অধিকাংশ কৰ্মচাৰীৰে শংকা আৰু অনিশ্চয়তাৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। বহু কৰ্মচাৰীৰ নিয়মীয়া চাকৰিৰ বয়সৰ ঊর্দ্ধসীমা উকলি যোৱাৰ উপক্ৰম হৈছে। স্বাস্থ্যসেৱাৰ দৰে জৰুৰীকালীন সেৱাত নিয়োজিত এইসকল কৰ্মচাৰীক অস্থায়ী আৰু অনিশ্চয়তাৰ মাজত ৰখাটো বিজেপি চৰকাৰখনৰ জনসাধাৰণৰ প্ৰতি কৰা অন্যায়ৰে অংশ।

বিগত সময়ছোৱাত স্বাস্থ্য কৰ্মীসকলে দাবী পূৰণৰ স্বাৰ্থত চৰকাৰৰ ওচৰত আৱেদন-নিবেদন কৰাৰ উপৰি গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিছিল; কিন্তু স্বাস্থ্য কৰ্মী আৰু স্বাস্থ্যসেৱাৰ প্ৰতি উদাসীন মনোভাৱ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কোনো পদক্ষেপেই ন’ললে। ইয়াৰ ফলত কৰ্মবিৰতিৰ দৰে সৰ্বাত্মত আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হৈছে। এনে অৱস্থাত চৰকাৰৰ অমনোযোগীতাৰ বাবেই আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাজাৰ হাজাৰ লোক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈছে। এয়া অত্যন্ত কৰুণ আৰু হৃদয় বিদাৰক ঘটনা।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে স্বাস্থ্যসেৱাৰ এই অচলাৱস্থা শীঘ্ৰে অৱসানৰ বাবে উদ্যোগ লোৱাৰ লগতে কৰ্মৰত সকলো ঠিকাভিত্তিক স্বাস্থ্যকৰ্মীৰ চাকৰি চৰ্তহীনভাৱে নিয়মীয়া কৰাৰ লগতে অন্যান্য সা-সুবিধা নিশ্চিত কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd