২৩ জানুৱাৰি, বুধবাৰে প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, মণিপুৰৰ চমুকৈ এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে ঘোষণা কৰে যে, যদিহে প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ আন্তৰ্গাঁথনি উন্নত কৰা নহয়, তেন্তে তেওঁলোকে অনশন ধৰ্মঘটৰ কাৰ্যসূচী আগুৱাই লৈ যাব।
দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে সোমবাৰে অনশন ধৰ্মঘট আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰেও এনআইটিৰ চৌহদত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাগাৰত সঠিক মানদণ্ড নথকা আৰু আৱশ্যকতকৈ কম সঁজুলি, পাঠদান কক্ষত আৱশ্যকীয় পোহৰ আৰু শব্দ ব্যৱস্থাৰ অভাৱ থকাৰ অভিযোগ কৰে।
ছাত্ৰ-ছাত্ৰীসকলে খেলপথাৰৰ অভাৱ থকা আৰু কেইবা মাহৰ পৰা কলেজ কেণ্টিনখন বন্ধ হৈ থকাৰ অভিযোগও উত্থাপন কৰে। প্ৰতিষ্ঠানটোত ক্ৰীড়াৰ ক্ষেত্ৰত সা-সুবিধাৰ অভাৱ, প্ৰতিযোগিতাৰ মঞ্চৰ অভাৱ আৰু উদ্ভাৱনী চিন্তাক বাস্তৱায়িত কৰাৰ বাবে পথ-প্ৰদৰ্শনৰ অভাৱৰ কথাও ব্যক্ত কৰে।
ছাত্ৰ-ছাত্ৰীসকলে আৰু অভিযোগ কৰে যে একোটা কক্ষতেই একে সময়তেই একাধিক পাঠদান অনুষ্ঠিত কৰা হয়। শ্ৰেণী আৰু পৰীক্ষাৰ বাবে তেওঁলোকে সঠিক সময়ত কোনো জাননী নোপোৱাৰো অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে।
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসসমূহৰ পুতৌজনক আন্তৰ্গাঁথনিৰ অভিযোগ তুলি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকে জনোৱা মতে ছাত্ৰাৱাসৰ বাৰাণ্ডাত পানী জমা হয়।
প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ ছাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকৰ ছাত্ৰী নিৱাসটো প্ৰতিষ্ঠানটোৰ পৰা ৩ কিঃমিঃ দূৰত্বত অৱস্থিত, ফলত তেওঁলোকৰ দৈনিক যাতায়াতত বহু অসুবিধা হয়।ছাত্ৰী নিৱাসসমূহত পঠিক পোহৰ আৰু ৱাশ্বৰূমৰ ব্যৱস্থা নথকা বুলিও তেওঁলোকে অভিযোগ কৰে।
ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব বুলি বহু দিনৰ আগেয়ে প্ৰতিশ্ৰুতি দিছিল যদিও এই ক্ষেত্ৰত আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এয়া অতি দুখঃজনক কথা যে, দেশৰ এখন অতি আগশাৰীৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ আন্তৰ্গাঁথনিগত সমস্যা আছে।