প্ৰসংগঃ পতঞ্জলি! পুনৰ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

শেহতীয়াকৈ পতঞ্জলি গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে আই এম এ (ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন)ক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। ক’ভিড ১৯ৰ ঔষধৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু এলোপেথী চিকিৎসাৰ ক্ষেত্ৰত নেতিবাচক মন্তব্যৰ বাবে আদালতত ককৰ্থনাৰ সন্মুখীন হৈছিল পতঞ্জলি। শেহতীয়াকৈ পতঞ্জলিয়ে এটা বৃহৎ বাতৰি কাকতৰ বিজ্ঞাপনৰ জৰিয়তে বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা জাৰি কৰিছিল।এই বিজ্ঞাপন সম্পৰ্কত ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে সন্তুষ্টি প্ৰকাশ কৰে। বিজ্ঞাপনত বাবা ৰামদেৱৰ নামো যিদৰে উল্লেখ কৰা হৈছে তাত আদালতে বিশেষভাৱে সন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ উপৰিও উত্তৰাখণ্ড চৰকাৰ আৰু পতঞ্জলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা আই এম এৰ ওপৰতো আদালতৰ ক্ষোভৰ সৃষ্টি হয়। উত্তৰাখণ্ড চৰকাৰৰ অনুজ্ঞাপত্ৰ বিভাগক সমালোচনা কৰি আদালতে কয় যে তেওঁলোকৰ ফালৰ পৰা দীৰ্ঘদিনীয়া নিষ্ক্ৰিয়তা দেখা গৈছে। ১০ এপ্ৰিলৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত তেওঁলোকৰ সম্বিৎ ঘূৰি আহিছে। আনহাতে, আইএমএৰ সঞ্চালক ভি অশোকনৰ সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আইএমএৰ প্ৰতি আদালতৰ ক্ষোভিত হৈ পৰে। সেই সাক্ষাৎকাৰত অশোকনে আইএমএৰ ভূমিকা আৰু চিকিৎসকৰ ব্যক্তিগত প্ৰেকটিছ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখি কিছু নেতিবাচক মন্তব্য প্ৰদান কৰে।