NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশৰ সম্ভল জামা মছজিদত নচলিব কোনো জৰীপ : হিন্দু পক্ষৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

January 10, 2025 9:51 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

উত্তৰ প্ৰদেশৰ সম্ভল জামা মছজিদত এতিয়াৰে পৰা কোনো জৰীপ কৰিব নোৱাৰিব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত হিন্দু পক্ষৰ দাবী নাকচ কৰে।

দুসপ্তাহ পূৰ্বে উচ্চতম ন্যায়ালয়ে সেই মছজিদকে ধৰি দেশৰ সকলো পূজাস্থলীৰ জৰীপ স্থগিত ৰখাৰ ৰায় জাৰি কৰিছিল। ফলত মছজিদৰ ভিতৰৰ জলভাগতো এই নিষেধাজ্ঞা বলবৎ হয়। হিন্দু পক্ষৰ দাবী যে জলাশয়টো মছজিদৰ অংশ নহয়। ইয়াক হিন্দুসকলক ব্যৱহাৰ কৰিবলৈ দিব লাগে।

শুকুৰবাৰে মুছলমান পক্ষই আদালতত গুগল মেপ দাখিল কৰি দেখুৱাইছে যে জলাশয়টোৰ আধাতকৈ অধিক অংশ মছজিদ চৌহদত অৱস্থিত আৰু সকলোৱে নামাজ পঢ়াৰ পূৰ্বে জলাশয়টোৰ পানীত নিজকে পৰিষ্কাৰ কৰে।

শুকুৰবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই দুসপ্তাহৰ ভিতৰত জিলা প্ৰশাসনে জলাশয়টোৰ সম্পৰ্কে  প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। তেতিয়ালৈকে জিলা প্ৰশাসনে জলভাগৰ জৰীপৰ কাম কৰিব নোৱাৰিব।

Related News