• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তন্ত্ৰ সাধনাৰ জৰিয়তে কোটিপতি হোৱাৰ প্ৰলোভন!  বন্ধ কোঠাত তিনি ব্যক্তিৰ ৰহস্যজনক মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2025 7:45 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক মুহূৰ্ততে কোটিপতি হোৱাৰ সহজ পথ বিচাৰি গৈ মৃত্যুক সাৱটি ল’লে তিনিজন ব্যক্তিয়ে। পাঁচ লাখ টকা বিনিয়োগ কৰি তাৰ বিপৰীতে পঞ্চাছ গুণ লাভ কৰাৰ যি সপোন তেওঁলোকক দেখুওৱা হৈছিল, সেই সপোনৰ পৰিণতি হ’ল এক ভয়ংকৰ মৃত্যু।

এই চাঞ্চল্যকৰ ঘটনাটো ছত্তিশগড়ৰ কোৰবা জিলাৰ। জানিব পৰা মতে, বুধবাৰে মাজ ৰাতি ‘কলা জাদু’ৰ আচাৰ-অনুষ্ঠান চলি থকাৰ সময়তে তিনিজন লোকৰ ৰহস্যজনক মৃত্যু হয়।

Apply Now

স্ক্রাপ ব্যৱসায়ী মহম্মদ আশ্ৰাফ মেমন, সুৰেশ সাহু আৰু নীতীশ কুমাৰৰ নিথৰ দেহ বাৰবাসপুৰৰ এটা স্ক্রাপ ইয়াৰ্ডৰ ভিতৰৰ কোঠাৰ পৰা উদ্ধাৰ হয়। তিনিওৰে বয়স ৪০ৰ পৰা ৪৫ বছৰৰ ভিতৰত। এই ঘটনাৰ তদন্তৰ দায়িত্ব লৈছে চিভিল লাইন আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা মতে, বিলাচপুৰৰ ৰাজেন্দ্ৰ কুমাৰ নামৰ এজন তান্ত্ৰিকে দাবী কৰিছিল যে তেওঁ হেনো তন্ত্ৰ সাধনাৰ জৰিয়তে পাঁচ লাখ টকাক প্ৰায় আঢ়ৈ কোটি টকালৈ ৰূপান্তৰিত কৰিব পাৰে। এই প্ৰলভনৰ জালত ৰাজেন্দ্ৰৰ সৈতে যোগ দিছিল তিনিওজন ব্যক্তিয়ে।

সৰ্বভাৰতীয় সংবাদমাধ্যমৰ সূত্ৰ অনুসৰি, বুধবাৰে সন্ধিয়া ৰাজেন্দ্ৰ তেওঁৰ তিনি সতীৰ্থৰ সৈতে কোৰবালৈ আহিছিল। আৰক্ষীয়ে ইতিমধ্যে সেই তান্ত্ৰিকসহ চাৰি-পাঁচজন সন্দেহযুক্ত ব্যক্তিক আটক কৰিছে।

ৰাতি প্ৰায় ১১ বজাত আশ্ৰাফ মেমনৰ ফাৰ্মহাউচৰ ভিতৰত সেই আচাৰ-অনুষ্ঠান আৰম্ভ হয়। তদন্তকাৰীসকলে কয় যে তান্ত্ৰিকে এজন এজনকৈ তিনিজনকে এটা বেলেগ কোঠালৈ লৈ যায়। তেওঁলোকৰ হাতত নেমু ধৰাই, মজিয়াত ৰছীৰে এটা ঘূৰণীয়া বৃত্ত আঁকি, কোঠাৰ দুৱাৰখন বাহিৰৰ পৰা তলাবদ্ধ কৰি দিয়ে। তান্ত্ৰিকে জনাইছিল যে আধা ঘণ্টাৰ পৰা এক ঘণ্টাৰ ভিতৰতে দুৱাৰ খোলা হ’ব।

কিন্তু যেতিয়া দুৱাৰ খোলা হ’ল, তেতিয়া দেখা গ’ল যে তিনিওজন ব্যক্তি কোঠাৰ ভিতৰত মৃত অৱস্থাত পৰি আছে। ইয়াৰ পিছতে আতংক বিয়পি পৰে। লগে লগে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

ঘটনাস্থলৰ পৰা পূজাত ব্যৱহৃত সামগ্ৰী, নেমু, ৰছী আৰু নগদ ধন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এইবোৰৰ পৰা অনুমান কৰা হৈছে যে কলা জাদুৰ আচাৰ চলি থকাৰ সময়তেই এই বিপদ ঘটিছিল।

কোৰবাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ তিৱাৰীয়ে কয়, “প্ৰাথমিক তদন্তত শ্বাসৰোধ কৰি হত্যা কৰা যেন লাগিছে। মৃতদেহসমূহত আঘাত আৰু আঁচোৰৰ চিনো পৰিয়ালৰ সদস্যসকলে লক্ষ্য কৰিছে।”

কিন্তু কোৰবাৰ চিএছপি ভূষণ এক্কাই মৃতদেহ পৰীক্ষা কৰাৰ পিছত কয়, “লক্ষণবোৰে বিষক্ৰিয়াৰ ফালেও আঙুলিয়াইছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।”

আটক কৰা সন্দেহযুক্ত ব্যক্তিসকলক সোধা-পোছা কৰা হৈছে। তেওঁলোকক হত্যা কৰা হ’ল, নে বিষক্ৰিয়াৰ বলি হ’ল, সেই ৰহস্যৰ জট খুলিবলৈ আৰক্ষীয়ে সবিশেষ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে ছত্তিশগড়ত ‘ডাইনী প্ৰথা’ প্ৰতিৰোধৰ আইন থকা স্বত্বেও কু-সংস্কাৰজনিত অপৰাধৰ সংখ্যা এতিয়াও কম হোৱা নাই। ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ জুন মাহৰ ভিতৰত কু-সংস্কাৰৰ সৈতে জড়িত ৫৪টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, প্ৰতি বছৰে ২০০তকৈ অধিক কু-সংস্কাৰজনিত হিংসাৰ ঘটনা সংঘটিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd